অ’মিক্ৰণৰ পিছত এইবাৰ IHU! পুনৰ আবিৰ্ভাৱ ক’ভিদৰ নতুন প্ৰজাতিৰ

IHU

সমগ্ৰ বিশ্বতে অ’মিক্ৰণ ইতিমধ্যে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰাৰ সমসাময়িকভাৱে পুনৰ ভূমুকি মাৰিছে ক’ভিদৰ আন এটা প্ৰজাতিয়ে।

ফ্ৰান্সৰ বিজ্ঞানীসকলে ক’ভিদৰ এই নতুন প্ৰজাতিটো চিনাক্ত কৰিছে। ইতিমধ্যে এই নতুন প্ৰজাতিটোক IHU নামেৰে নামাঙ্কন কৰা হৈছে।

গৱেষকসকলৰ মতে IHU ত ৪৬ টা পৰিৱৰ্তন থাকে। এইফালৰ পৰা IHU ৰ পৰিৱৰ্তনৰ হাৰ অ’মিক্ৰনতকৈও অধিক। নতুন প্ৰজাতিটোক অধিক সংক্ৰামক বুলিও কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি মাৰ্চেইলৰ ওচৰত এতিয়ালৈকে ১২ টা IHU সম্বন্ধীয় ঘটনা দেখা গৈছে। আফ্ৰিকান দেশ কেমেৰুন ভ্ৰমণকাৰী ব্যক্তি এজনৰ শৰীৰত প্ৰথম এই প্ৰজাতিটোৰ উপস্থিতি ধৰা পৰে বুলি জানিব পৰা গৈছে।

পৰীক্ষাত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি এই প্ৰজাতিটোৱে N501Y পৰিৱৰ্তন বহন কৰে। এই N501Y পৰিৱৰ্তন প্ৰথমে আলফা প্ৰকাৰত দেখা গৈছিল।

ইয়াৰ ফলত ই অধিক ৰূপান্তৰযোগ্য হ’ব পাৰে বুলি বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে ফ্ৰাঞ্চৰ বাদে আন কোনো দেশত এতিয়ালৈকে এই নতুন প্ৰজাতিটোৰ উপস্থিতি দেখা পোৱা নাই।

বৰ্তমানলৈকে বিশ্ব স্বাস্থ্য সংস্থাইও IHU ক “অনুসন্ধানৰ অধীনত থকা প্ৰকাৰ” বুলি চিনাক্ত কৰা নাই।