NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ নতুন কোভিড বিধি : সান্ধ্য আইনৰ সময় বৃদ্ধি, দোকান-পোহাৰ খোলাৰ সময় হ্ৰাস

May 15, 2021 6:26 pm · এন ই নাও নিউজ
Updated: May 15, 2021 7:18 pm

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত পুনৰ নতুন কোভিড বিধি বলৱৎ কৰা হৈছে।

১৬ মে’ৰ পৰা নতুন কোভিড বিধি বলৱৎ কৰা হ’ব। মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্বাক্ষৰিত এক নিৰ্দেশনাৰ যোগে আজি শনিবাৰে এই কথা ঘোষণা কৰা হৈছে।

নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি দেওবাৰৰ পৰা ৰাজ্যত দিনৰ ১১ বজাতে সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান  বন্ধ কৰিব লাগিব ব্যৱয়াসীসকলে।

ইফালে দুপৰীয়া ১২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব সমগ্ৰ ৰাজ্যজুৰি।

অৰ্থাৎ দিনৰ ১২ বজাৰ পৰা পিছ দিনা পুৱা ৫ বজালৈকে সান্ধ্য আইন বলৱৎ হৈ থাকিব।

ইফালে যানবাহন চলাচল কৰাৰ ক্ষেত্ৰত ১৩ মে’ত জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যাৰ নীতিয়ে প্ৰচলন থাকিব।

আনহাতে পূৰ্বৰ দৰেই স্বাস্থ্যকে আদি কৰি জৰুৰী সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এইসমূহ নতুন কোভিড বিধি বলৱৎ থাকিব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত।

Related News