NORTHEAST NOW (Assamese)

চিছ’দিয়াৰ বিৰুদ্ধে নতুন প্ৰমাণ! আদালতত দাবী এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

April 5, 2023 11:04 pm · এন ই নাও নিউজ, গুৱাহাটী

আবকাৰী নীতিৰ কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে পোৱা গৈছে নতুন প্ৰমাণ। আজি দিল্লী আদালতত এই দাবী কৰিছে তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

কেন্দ্ৰীয় সংস্থাটোৱে লগতে আপ নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত ধন সৰবৰাহৰ অভিযোগৰ তদন্ত গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে বুলি আদালতত উল্লেখ কৰিছে। চিছ’দিয়াৰ জামিন আবেদনৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শনৰ বাবে সময় বিচাৰি সংস্থাটোৱে আদালতত এই আবেদন দাখিল কৰে।

বিশেষ ন্যায়াধীশ এম কে নাগপালে আবেদনৰ যুক্তিসমূহ শুনানি ১২ এপ্ৰিলৰ বাবে স্থগিত ৰাখে। আদালতে লগতে ১৭ এপ্ৰিললৈকে চিছ’দিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে।

তদন্তকাৰী সংস্থাটোক প্ৰতিনিধিত্ব কৰি অধিবক্তাগৰাকীয়ে আদালতত এই যুক্তি আগবঢ়োৱাৰ পিছত চিছ’ডিয়াৰ অধিবক্তাই আদালতৰ সন্মুখত ইডিৰ হাতত চিছ’দিয়া ধন সৰবৰাহৰ কামত লিপ্ত হোৱাৰ অভিযোগ প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰমাণ নাই বুলি দাবী কৰে।

তেওঁ লগতে চিছ’দিয়াই জামিন লাভ কৰিলে প্ৰমাণ নষ্ট কৰিব বুলি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে তোলা অভিযোগকো দৃঢ়তাৰে নাকচ কৰে। কাৰাবন্দী হোৱাৰ পূৰ্বে মন্ত্ৰীত্ব থকাৰ সময়তো চিছ’দিয়াই সাক্ষীক ভাবুকি দিয়াৰ কোনো প্ৰচেষ্টা চলোৱা বুলি ইডি- এ দাবী কৰা নাছিল বুলিও অধিবক্তা গৰাকীয়ে আদালতৰ দৃষ্টিগোচৰ কৰে।

এতিয়া কোনো বিভাগীয় মন্ত্ৰীত্ব নথকা অৱস্থাত এনে কোনো কাৰ্যৰ সম্ভাৱনীয়তা নাই বুলি চিছ’দিয়াক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে আদালতত যুক্তি দৰ্শায়।

Related News