• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ মহাবিক্ষোভলৈ সমৰ্থন, ঔষধৰ মূল্য বৃদ্ধি, কৰ বৃদ্ধিৰ প্ৰতিবাদ: কলগাছিয়াত প্ৰতিবাদী পথসভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2023 9:18 pm
Mahavikshobh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতি পৰিবৰ্তনৰ দাবীত আজি চি আই টি ইউ, নিখিল ভাৰত কৃষক সভা আৰু সদৌ ভাৰত কৃষি শ্ৰমিক ইউনিয়নৰ যৌথ উদ্যোগত অনুষ্ঠিত মহাবিক্ষোভ কাৰ্যসূচীৰ সমৰ্থনত আৰু ঔষধৰ মূল্য, বিদ্যুৎ মাচুল, টোল কৰৰ উপৰিও পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদত কলগাছিয়াত প্ৰতিবাদী সমদল আৰু পথসভা অনুষ্ঠিত হয়।

চি আই টি ইউ, নিখিল ভাৰত কৃষক সভা আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ যৌথ উদ্যোগত আজি দিনৰ ১২:৩০ বজাত সংগঠন তিনিটাৰ অৰ্ধশতাধিক সদস্য সমৰ্থকে কলগাছিয়া চাৰি আলিৰ পৰা হাতে হাতে বেনাৰ, পতাকালৈ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

প্ৰতিবাদী লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে ধাৰাবাহিক মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত বিজেপি চৰকাৰক নিন্দা কৰে। তদুপৰি সৰ্বস্তৰৰ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ দাবী তুলি কৃষকৰ উৎপাদিত ফচলৰ নূন্যতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰি আইনগত স্বীকৃতি দিবলৈও দাবী জনায়।

সমদলত ভাগ লোৱা কৃষক-শ্ৰমিক সকলে পুঁজিপতিৰ স্বাৰ্থত প্ৰস্তুত কৰা শ্ৰম কোড চাৰিখন অতি শীঘ্ৰে বাতিল কৰা, শ্ৰমিকৰ নূন্যতম মজুৰি মাহিলি ২৬০০০ টকা ধাৰ্য কৰা, ঠিকা শ্ৰমিকৰ কৰ্ম সুৰক্ষিত কৰা, সমান কামৰ বাবে সমান মজুৰি আদায় দিয়া, ৰন্ধন কৰ্মী, আশা কৰ্মী, অংগনাবাড়ী কৰ্মী সকলক মাননীৰ সলনি মজুৰি প্ৰদান কৰিবলৈ দাবী জনায়।

তদুপৰি বিকল্প ব্যৱস্থা অবিহনে সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত পৰিয়াল সমূহৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, নতুন পেঞ্চন আচঁনি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, দেশৰ ৰাজহুৱা সম্পদ বিক্ৰী কৰাৰ প্ৰকল্প এন এম পি শীঘ্ৰে বন্ধ কৰা, নামৰূপ সাৰ কাৰখানা, শুৱালকুছিৰ বস্ত্ৰ শিল্প পুনৰজ্জীৱিত কৰাৰ দাবীৰে কলগাছিয়া পাটবজাৰ-ষ্টেট বেংকহৈ পুনৰ চাৰি আলিত উপস্থিত হৈ প্ৰতিবাদী সমদল সমাপ্ত কৰে।

উল্লেখ্য যে প্ৰতিবাদী সমদল চলি থকা অৱস্থাত তিনিটাকৈ প্ৰতিবাদী পথসভা অনুষ্ঠিত হয়। এই পথসভা সমূহত বক্তব্য ৰাখে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ প্ৰবীণ বাওঁপন্থী নেতা আব্দুল আজিজ আৰু ডি ওৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ৰুস্তম আলীয়ে।

বক্তাদ্বয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩৮৪ বিধ নিত্যপ্ৰয়োজনীয় ঔষধৰ মূল্য, বিদ্যুৎ মাচুল, টোল কৰ আৰু পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত অতিশীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বয়োজেষ্ঠ কৃষক নেতা মইনুল হক আৰু চি আই টি ইউৰ বৰপেটা জিলা কমিটিৰ সদস্য নিলীমা খাতুনেও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd