NORTHEAST NOW (Assamese)

অন্য এক মহেন্দ্ৰ সিং ধোনী! সন্ন্যাসীৰ বেশত ভাইৰেল ‘কেপ্টেইন কুল’ৰ নতুন অৱতাৰ

March 14, 2021 1:04 pm · এন ই নাও নিউজ

টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সি ধোনীক এইবাৰ দেখা গৈছে অন্য এক ৰূপত। ষ্টাৰ স্পোৰ্টছ ইণ্ডিয়াৰ টুইটাৰত পোষ্ট কৰা এখন ছবি আৰু এটা চুটি ভিডিঅ’ত এইদৰে দেখা গৈছে ধোনীক।

মূৰ খুৰোৱা সন্ন্যাসীৰ দৰে বেশ ভূষাৰে গম্ভীৰভাৱে বহি আছে ধোনী। সাইলাখ এগৰাকী বৌদ্ধভিক্ষুৰ দৰে।

আনহাতে, চুটি ভিডিঅ’টোত ধোনীয়ে কৈছে যে ইয়াৰ ৰহস্য সোনকালেই পোৱা যাব।

ছবিখন তোলা হৈছে ভাৰতৰ এটি মাৰ্শ্বাল আৰ্টৰ প্ৰশিক্ষণ শিৱিৰত। অৱশ্যে এই বিষয়ে সৱিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

কিন্তু ইয়াৰ মাজতে ধোনীৰ নতুন অৱতাৰৰ ছবি ভাইৰেল হৈ পৰিছে।

সম্প্ৰতি মহেন্দ্ৰ সিং ধোনী আইপিএলৰ অনুশীলনত ব্যস্ত। চলিত মাহৰ আৰম্ভণিতেই ধোনীয়ে দলৰ সৈতে যোগদান কৰি প্ৰস্তুতি আৰম্ভ কৰিছে।

তাৰ মাজতে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে কেইবাটাও বিজ্ঞাপনৰ শ্বুটিং আৰু প্ৰচাৰো চলিছে।

ধোনীৰ এই নতুন অৱতাৰো কোনো শ্বুটিঙৰ বা প্ৰচাৰৰ অংশ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

Related News