শিৱসাগৰত বিনামূলীয়াকৈ কি কি সুবিধা পাব অসামৰিক চিকিৎসালয়ত?
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক্স ৰে’ যন্ত্ৰ উদ্বোধনৰ ছবি। ছবি- নৰ্থ ইষ্ট নাও।
মুখ্য মন্ত্ৰীৰ ৰোগ নিৰ্ণায়ক আঁচনিৰ অধীনত চিটি স্কেন আৰু অন্যান্য পৰীক্ষাৰ লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আছে এক্স ৰে’ৰো সুবিধা। এই এক্স ৰে’ৰ সুবিধাৰ বাবে শেহতীয়াকৈ চিকিৎসালয়খনত উদ্বোধন কৰা হৈছে এটা উন্নত এক্স ৰে’ যন্ত্ৰ।
শিৱসাগৰৰ জিলা স্বাস্থ্য সেৱা বিষয়া ডা০ ৰিপুন বৰপূজাৰীয়ে যোৱা মঙলবাৰে চিকিৎসালয়খনত উদ্বোধন কৰে এই যন্ত্ৰটোৰ।
অন্যান্য বিভিন্ন সেৱাৰ দৰে এই বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনিও অসম চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু বেংগালুৰুৰ কৃষ্ণা দায়েগনষ্টিক নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ যৌথ সহযোগিতাত আগবঢ়াইছে।
আঁচনিখনে ৰাজ্যৰ ৯৯খন চৰকাৰী চিকিৎসালয় সামৰি লৈছে।
উদ্বোধনী অনুষ্ঠানটোত চিকিৎসালয় অধীক্ষক ডা০ ৰাজীৱ বৰা, উপ অধীক্ষক ডা০ ৰঞ্জিত হাজৰিকা, কৃষ্ণা কোম্পানিৰ কল্যাণ গগৈৰ লগতে সকলো চিকিৎসালয়খনৰ সকলো চিকিৎসক আৰু কৰ্মচাৰী উপস্থিত আছিল।