• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় অসমৰ “বিশেষ” বাতৰি কাকতত নিষিদ্ধ হ’ল বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 25, 2021 9:41 pm
কিয় অসমৰ “বিশেষ” বাতৰি কাকতত নিষিদ্ধ হ’ল বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন আগশাৰীৰ দৈনিক বাতৰি কাকত আৰু অপ্ৰকাশিত এটা বিশেষ লেখা।

লেখাৰ নাম ‘বিধানসভাৰ আলেখ লেখ’।

লেখাটো আছিল বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।

য’ত স্থান পাইছিল মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ প্ৰসংগও।

কিন্তু এই লেখাটো প্ৰেৰণ কৰাৰ পাছতে অসমৰ এখন বিশেষ কাকতৰ পৰাই ভৱিষ্যত সময়ত ‘নিষিদ্ধ’ হিচাপে বিবেচিত হ’ল অতদিনে বাতৰি কাকতখনত বিশেষ লেখা লিখি অহা ড০ হীৰেণ গোহাঁই।

কি আছিল অপ্ৰকাশিত সেই বিশেষ লেখাত?

তাৰ বাবে আমি যাব লাগিব লেখক পৰেশ মালাকাৰৰ এটা ফেইচবুক পোষ্টলৈ।
তেওঁ পোষ্টটোৰ জৰিয়তে প্ৰকাশ কৰিছে অপ্ৰকাশিত বিশেষ লিখাটো।
পোষ্টটোত লিখা অনুসৰি “বিধান সভাৰ আলেখ-লেখ।

লোকসভাৰ বৰ্তমান ৰেহ-ৰূপ অনুকৰণ কৰি শাসক দলৰ বিধায়কে অসমৰ বিধান সভাতো সমুচিত আলোচনা আৰু বিতৰ্ক বন্ধ কৰাৰ অপচেষ্টা কৰা দেখা যায়। বিৰোধী বিধায়কে চৰকাৰক অসুবিধাত পেলোৱা মন্তব্য বা প্ৰশ্ণ কৰিলেই শাসক দলৰ বিধায়ক মিলি হুলস্থূল লগাই তেওঁক কথা কোৱাৰ পৰা বিৰত কৰে।বিধান সভা শৃঙ্খলাহীন জনসভা নহয়।

বিধায়কৰ কথা মনোযোগেৰে শুনি সেই বিষয়ৰ মন্ত্ৰীয়ে চৰকাৰৰ পক্ষৰ উত্তৰ দিয়া উচিত। আমি ছাত্ৰাৱস্থাত লোকসভাৰ অধিবেশন গেলাৰিৰ দৰ্শক হৈ দেখিছিলো।প্ৰধান মন্ত্ৰী নেহৰুক বিখ্যাত বিৰোধী নেতা আচাৰ্য কৃপালনি,কামাথ আদিয়ে অতি তীব্ৰ,তিক্ত ভাষাত সমালোচনা কৰিছিল।

নেহৰু আদি কংগ্ৰেছী মন্ত্ৰীয়ে নীৰৱে,ধৈৰ্যৰে শুনি যথাযথ সমিধান দিছিল।আজি তেওঁলোকক একনায়কত্ববাদী ক্ষমতালোভী বুলি বদনাম ৰটি বিজেপিয়ে কেনে গণতন্ত্ৰৰ উদাহৰণ দাঙি ধৰিছে এয়া তাৰ প্ৰমাণ। আনহাতে শাসক দলে অতি আপত্তিজনক আৰু উত্তেজক মন্তব্য কৰিলে বিৰোধী যদি সৰৱ হৈ উঠে, তেতিয়া তেওঁলোককহে শৃঙ্খলাভঙ্গৰ অভিযোগত অভিযুক্ত কৰা হয়।

এই প্ৰসঙ্গতে সম্প্ৰতি আলোচনাৰ পৰা অদৃশ্য হৈ পৰা এটা সাঙ্ঘাতিক কথা উল্লেখ কৰোঁ।মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি-কেলেঙ্কাৰীৰ যথাযথ তদন্তৰ দাবী তথাকথিত তথ্যৰ অভাৱৰ বাবে বাতিল কৰা অতি অবৈধ,অসাঙ্বিধানিক কথা হৈছে।কাৰণ The Wire আৰু Cross-currentsত প্ৰত্যয়জনক প্ৰাথমিক তথ্য দাঙি ধৰা হৈছে।তদন্ত আৰম্ভ কৰিবলৈ
সেয়ে যথেষ্ট।

সেই সময়ত কেলেঙ্কাৰীটো সম্ভৱ কৰিব পৰা ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীজন।আৰু বেছি লিখাৰ প্ৰয়োজন আছেনে?

কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিষয়ে এনে অভিযোগ থকা ভয়ঙ্কৰ কথা।তুৰন্তে উচ্চ পৰ্যায়ৰ তদন্ত হ’ব
লাগে উচ্চ ন্যায়ালয়ৰ তদাৰকীত। সেই সময়ত তেওঁ পদৰ পৰা আঁতৰি থাকিব লাগিব।”

ইপিনে, এই বিশেষ লেখা ৮৩ বছৰ ধৰি জাতিৰ সেৱাৰ নামত উসৰ্গিত এখন বিশেষ বাতৰি কাকতত প্ৰকাশ নোপোৱাত এতিয়া দুখ প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইয়ে। আমাৰ আগত তেওঁ টেলিফোনিক বাৰ্তালাপত কি ক’লে সেয়া ভিডিওটোত লাভ কৰিব।

ইপিনে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কুঠাৰাঘাট ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি দাবী কৰে ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে। গণতান্ত্ৰিক কন্ঠ মষিমূৰ কৰিবলৈ চৰকাৰখনে ষড়যন্ত্ৰ চলাইছে বুলি দাবী হুছেইনৰ।

আনহাতে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই যেতিয়া অতি নিৰ্লজ্জভাৱে শাসকীয় পক্ষৰ ওচৰত আত্ম সমৰ্পন কৰে তেতিয়া গণতন্ত্ৰৰ অৱশিষ্ঠ ধ্বংস হৈ পৰে বুলি দাবী জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ।

নিশ্চয়কৈ, এয়াই ভবাৰ সময়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শেহতীয়াকৈ যি দশা পোহৰলৈ আহিছে সেয়া কিন্তু পূৰ্বতে বিৰল আছিল সেয়া সকলোৰে অনুমেয়।

ইপিনে ‘দৈনিক অসম’ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে এই বিষয়ত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি মাথো কয় ‘ন’ কমেণ্ট’।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm
ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm
ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd