• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নতুন সংসদ ভৱন নে এক নতুন পৰিচয়?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 28, 2023 6:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত নতুন সংসদ ভৱনটো উন্মোচন কৰিলে। ৰাষ্ট্ৰপতিক এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ নকৰা বাবে প্ৰায় আটাইবোৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিছে। সেই বৰ্জন বিতৰ্কৰ আগতে, মূল প্ৰশ্নটো হ’ল- ভাৰতত এতিয়া এটা নতুন সংসদ ভৱনৰ প্ৰয়োজন আছিলনে? আগৰ সংসদ ভৱনটো কিমান বছৰ পুৰণি? সেই সংসদ ভৱনটো অকাজী হৈ পৰিছিল নেকি? তাত সংসদীয় কাম-কাজ চলোৱাত কিবা অসুবিধাই দেখা দিছিল নেকি? আগৰ সংসদ ভৱনটো সজা হৈছিল ১৯২১ চনত আৰু মুকলি কৰা হৈছিল ১৯২৭ চনত। অৰ্থাৎ সেই ভৱনটোৱে এতিয়ালৈ ১০০ বছৰো অতিক্ৰম কৰা নাই।

বিশ্বৰ বিখ্যাত দেশবোৰৰ সংসদবোৰ কিমান পুৰণি? ইংলেণ্ডৰ সংসদ উৱেষ্টমিনিষ্টাৰ ভৱনটো ১২১৫ চনৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদ কেপিটেল হিল ১৭৯১ চনৰ, ফ্ৰাঞ্চৰ সংসদ ১৭২৮ চনৰ, আৰু ৰাচিয়াৰ ডুমা ১৯০৫ চনৰ। পৃথিৱীৰ প্ৰায় সকলো দেশৰে সংসদ ভৱনবোৰ পুৰণি আৰু ঐতিহ্য মণ্ডিত। এখন দেশ, এখন মহানগৰ, এটা ৰাজহুৱা অট্টালিকা এটা সময়ৰ, এটা যুগৰ সাক্ষী। ক্ষমতা হস্তান্তৰৰ সাক্ষী। দেশ এখনৰ গণৰাজ্য, গণতন্ত্ৰৰ ক্ৰমবিৱৰ্তনৰ সাক্ষী। ইয়ে মানৱ ইতিহাসৰ পৰম্পৰা, অতীত, ঐতিহ্য। ইতিহাস চেতনা। তাৰ অৰ্থ এইটো নহয় যে কেতিয়াও ক’তো একো ভঙা-পতা নহ’ব। নিশ্চয় হ’ব। সময়ে সময়ে হৈও আছে। কিয়নো একোৱেই অজৰ, অমৰ, চিৰস্থায়ী নহয়।

কিন্তু ভঙা-পতাৰ কিবা এটা প্ৰয়োজন থাকিব লাগিব। নিয়ম থাকিব। কিবা এটা যুক্তি থাকিব। আমাৰ আগৰ সংসদ ভৱনটোত কি অসুবিধা হৈছিল? আৰু কেতিয়া নতুন সংসদ ভৱন সজাৰ সিদ্ধান্ত লোৱা হৈছিল। আমি আগতেই কৈছো আমাৰ সংসদ ভৱনটো ইংলেণ্ড, আমেৰিকা, ফ্ৰাঞ্চৰ সংসদ ভৱনৰ তুলনাত তেনেই নতুন। এতিয়া, আমাৰ দেশৰ কাৰণে নতুন সংসদ ভৱন এটা কেতিয়াও অগ্ৰাধিকাৰ হোৱা উচিত নাছিল। নতুন সংসদ ভৱন সজাৰ সিদ্ধান্ত লোৱা হৈছিল ২০১৯ চনৰ চেপ্তেম্বৰ মাহত। মনত ৰাখিব তাৰ ঠিক পিছতেই কিন্তু ক’ভিদ অতিমাৰীয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰি পেলাইছিল। আমাৰ সমাজ জীৱন ছেদেলি-ভেদেলি কৰি দিছিল। দেশৰ ৰাজধানী দিল্লীত অক্সিজেন, ঔষধ, চিটা, চিকিৎসালয়ত ৰোগীৰ বাবে বিছনা, ভেন্টিলেটৰৰ কেনে অভাৱ হৈছিল! কিমান মানুহৰ মৃত্যু হৈছিল? মৃত ব্যক্তিৰ শ যাত্ৰা হৈছিল? শ্মশানত মৰাশ সৎকাৰ কৰিবলৈ ঠাই নোহোৱা হৈছিল।

তেতিয়াও কিন্তু, দিল্লীক নতুন ৰূপ দি সাজিবলৈ লোৱা চেন্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম বন্ধ কৰা হোৱা নাছিল। কিয়নো মোদী চৰকাৰে চেন্ট্ৰেল ভিস্তা প্ৰকল্পটো অত্যাৱশ্যকীয় সেৱা বুলি ঘোষণা কৰিছিল। সেই চেন্ট্ৰেল ভিস্তা প্ৰকল্পৰ অধীনতে,নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, যিটো আজি মুকলি কৰা হ’ল। অকল সংসদ ভৱনেই নহয়, এই প্ৰকল্পৰ অধীনত, এটা নতুন সচিবালয়ৰ কাম চলি আছে, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ নিৰ্মাণৰ কামো চলি আছে। তেতিয়া এই গোটেই প্ৰকল্পটোৰ খৰচ নিৰ্ধাৰণ কৰা হৈছিল ২০০০০ কোটি টকা। এতিয়া সি কিমান কোটি হয়গৈ কোনেও নাজানে। প্ৰধানমন্ত্ৰীৰ বাস ভ্ৰমণ নিৰ্মাণৰ কাৰণে ধাৰ্য কৰা হৈছে ৫০০ কোটি টকা। প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত বিমানখনত কিমান কোটি পৰিছিল আপোনালোকৰ মনত আছেনে? প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বাবে নতুনকৈ কিনা বিমানৰ খৰচ আছিল প্ৰায় ৮৪৫৮ হাজাৰ কোটি। নতুন সংসদ ভৱনৰ জনা/দেখা খৰচ ৮৩৬ কোটি টকা, নজনা/নেদেখা খৰচ কিমান ভগৱানেহে জানে।

অইন এটা কথালৈ আহিছোঁ। আজিৰ পৰা প্ৰায় ১৫০ বছৰ আগতে বিখ্যাত দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাচেলৰ আইতাকে কৈছিল যে লণ্ডনত আৰু নতুন ঘৰ সজাৰ অনুমতি দিব নালাগে। পুৰণি যি আছে তেনেকৈয়ে থাকক। কিয় কৈছিল? তাৰ পৰিবেশ আৰু ঐতিহ্য সংৰক্ষণৰ কাৰণে। ঠিক তেনেদৰে দিল্লীৰ স্থাপত্যৰ বিষয়ে বিশেষ জ্ঞান থকা ইতিহাসবিদ নাৰায়ণি গুপ্তাই আজি দুবছৰমান আগতে এঠাইত কৈছিল স্থপতি পটোৱান্ট সিঙে Delhi Urban Art Commission in 1974ৰ যোগেদি ১৯৭৪ চনৰ পিছত দিল্লীৰ লুটিয়ন্স দিল্লী খণ্ডত কোনো নতুন নিৰ্মাণ কাৰ্য নকৰাৰ পৰামৰ্শ দিছিল। সেই পৰামৰ্শ কম-বেছি পৰিমাণে ২০১৪ চনলৈ মানি চলা হৈছিল।

কিন্তু, ২০১৪ ত মোদী চৰকাৰে Delhi Urban Art Commission, 1974ৰ সিদ্ধান্ত তচনচ কৰি পেলালে। তাৰপৰাই সূত্ৰপাত প্ৰধানমন্ত্ৰী মোদীৰ চেন্ট্ৰেল ভিস্তাৰ। চেন্ট্ৰেল ভিস্তাৰ সপক্ষে যিয়ে যিমানে যুক্তি নিদিয়ক কিয় আচল কাৰণটো হ’ল লুটিয়ন্স দিল্লীক এটা নতুন পৰিচয় দিয়া। এই পৰিচয়ৰ পাৰ্টিটো হ’ল বিজেপি আৰু ব্যক্তিজন হ’ল প্ৰধানমন্ত্ৰী মোদী। এতিয়া ভাৰতৰ কোনো পৰিচয় মোদী ব্যতিৰেক হ’ব নোৱাৰিব। আৰু বিজেপিতকৈও গুৰুত্বপূৰ্ণ মোদী ডাঙৰীয়াৰ চিল-মোহৰ। ভাৰতৰ স্বাধীনতা আন্দোলন, দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সেই সকলোবোৰ মিছা, সঁচা কেৱল মোদীজী।

হয়, নতুন সংসদ ভৱনটো মুকলি কৰিব লাগিছিল ৰাজ্য সভা আৰু আৰু লোক সভা- উভয় সদনৰ মুৰব্বী ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি কামৰ নহয়, নামৰ। কিন্তু মোদীজীয়ে নামমাত্ৰ নামো বেলেগক দিয়াত নাই। গতিকে ইতিহাসত নিজৰ নাম খোদিত কৰি থৈ যাবলৈ তেৱেঁই আজি সংসদ ভৱন উন্মোচন কৰিলে। কাৰ সংগত কৰিলে? হিন্দু সাধু আৰু বাবাৰ সংগত। বিৰোধী ৰাজনৈতিক দলবোৰে ৰাষ্ট্ৰপতিক নমতা বাবেই এই অনুষ্ঠান বৰ্জন কৰিলে। আচলতে ৰাষ্ট্ৰপতিৰ কথাটোৰ কাৰণেই নহয়, চেন্ট্ৰেল ভিস্তাৰ ধাৰণাটোৰ বাবেই তেওঁলোকে এই অনুষ্ঠানটো বৰ্জন কৰা উচিত আছিল। তেওঁলোক, আমি সকলো লগ লাগি এই চেন্টেল ভিস্তাটো বন্ধ কৰিব পাৰিব লাগিছিল। ই আমাৰ সকলোৰে এক অক্ষমতা। এক শোচনীয় ব্যৰ্থতা।

আৰু এটা কথা। মোদীজীয়ে ভাৰতৰ মানুহক সুশাসন দিয়াত ব্যৰ্থ হৈছে। এই ব্যৰ্থতাক তেওঁ ঢাকি ৰাখিব বিচাৰিছে হিন্দুত্ব আৰু মোদীৰ পৰিচয়ৰে। কিন্তু মনত ৰখা দৰকাৰ যে ইতিহাস বৰ নিৰ্দয়। তাৰ উদাহৰণ মহম্মদ বিন টোগলক।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd