শিৱসাগৰত জিলা কংগ্ৰেছৰ সভাপতি পদত প্ৰয়াত কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ পুত্ৰ মঞ্জীৰ গগৈ

শিৱসাগৰত জিলা কংগ্ৰেছৰ সভাপতিৰ আসনত বহিল প্ৰয়াত কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ পুত্ৰ  মঞ্জীৰ গগৈ । আজি শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত উষ্ম আদৰণি জনোৱাৰ লগতে দায়িত্বভাৰ অৰ্পণ কৰে ।

প্ৰাক্তন সভাপতি লক্ষী সন্দিকৈয়ে জিলা সভাফতিৰ দায়িত্বভাৰ নৱ নিযুক্ত মঞ্জীৰ গগৈক অৰ্পণ কৰে ।

এই কাৰ্যসূচীত অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ড০ অংকিতা দত্ত লগতে শুভ্ৰমিত্ৰ গগৈ ভাৰতী শইকীয়া , উৎপল গগৈ তথা বহু কেইসংখ্যক ন পুৰণি দলীয় কৰ্মী উপস্থিত থাকে ।

নগৰৰ দলমুখ চাৰিআলিৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰাৰে ৰাজীৱ ভৱনলৈ ৰাওণা হয় কংগ্ৰেছ কৰ্মীসকল । দিনৰ ১২বাজি ৪৫ বজাত আৰম্ভ হোৱা অনুষ্ঠানত নতুনকৈ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰা মঞ্জীৰ গগৈয়ৈ কয় যে, যদিও বৰ্তমান কংগ্ৰেছৰ স্হিতি দুৰ্বল হৈ পৰিছে তথাপিও এক নতুন উৎসাহেৰে , নতুন উদ্যমেৰে তৃণমূল পৰ্যায়ৰৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়লৈকে দলীয় কৰ্মীসকল একত্ৰিত হৈ পুনৰ এবাৰ ৰাজ্যত কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব ।

আনহাতে দেৱব্ৰত শইকীয়াই কয় যে, পূৰ্বতে কৰা কিছুমান ভুলৰ বাবে এতিয়া কংগ্ৰেছৰ এনে বেয়া চলিছে লগতে প্ৰাক্তন সভাপতি ৰিপুন বৰাই কৰা পৰিণাম দলে ভোগ কৰিব লগীয়া হৈছে বুলি ও স্পষ্ট কৰে কংগ্ৰেছ নেতাজনে ।