বিজেপিক উৎখাত কৰিবলৈ অসমত গঠন হ’ব নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক মঞ্চ

index.jpg222

‘এইবাৰৰ আঞ্চলিক শক্তিয়ে বিজেপিৰ শাসনাধীন শাসকগোষ্ঠীক উৎখাত কৰি দিছপুৰ দখল কৰিব৷ প্ৰয়োজনত দিছপুৰ দখলৰ অংকত মূল শক্তি হৈ থিয় দিব।’ উজানবজাৰৰ হোটেল পাৰ্ক ৰিভিয়েৰাত ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰচেষ্টাত ৰবিবাৰে ৰাজ্য ৬টা কৈ আ়ঞ্চলিকতাবাদী সংগঠনৰ গুৰুত্বপূৰ্ন বৈঠকত এইদৰে কয় ভূঞাই।

অনাগত ২১ৰ বিধান সভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে আঞ্চলিকতাবাদী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাৰে আজি  এক বৈঠক অনুষ্ঠিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ উদ্যোগত।

বৈঠকৰ অন্তত এক সংবাদমেল যোগে অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয়, “অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত আজিৰ দিনটো এটা বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ’ব৷ অসমৰ বিভিন্ন ঠাইত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী বিশ্বাসী দল আৰু শক্তিসমূহক সুসংগঠিত কৰি এখন উমৈহতীয়া বৃহৎ মঞ্চ গঠনৰ এয়াই আৰম্ভণি।’

ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে আৰু কয়, “২১ৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে অসমত ৰাইজৰ মাজত সৃষ্টি হৈছে আঞ্চলিকতা ৰাজনৈতিক দলৰ অভাৱ।কাৰণ অসম গণ পৰিষদে ৰাইজক বিশ্বাসঘাটকতা কৰি বিজেপিৰ সহযাত্ৰী হৈছে৷ গতিকে ৰাইজে আশা কৰে ৰাজ্যৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী সকলো দল শক্তি ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে থিয় হোৱাটো৷ তাৰ বাবে গঠন হৈছে এই মঞ্চ।’

“দৃঢ়তাৰে ক’ব খোজো এইবাৰৰ আঞ্চলিক শক্তিয়ে বিজেপিৰ শাসকগোষ্ঠীক উৎখাত কৰি দিছপুৰ দখল কৰিব৷ প্ৰয়োজনত দিছপুৰ দখলৰ অংকত মূল শক্তিহৈ থিয় দিব” ভূ়ঞাই কয় ৷

“অসমৰ ৰাইজক আস্বস্ত কৰাৰ উদ্যেশ্যৰে প্ৰথমে শক্তিশালী কৰিবলৈ বিচৰা হৈছে মঞ্চখন৷ মঞ্চৰ কাৰ্যসূচীত উল্লেখ থাকিব সম্পদৰ ওপৰত অধিকাৰ, দিল্লীৰ শোষন নিপিড়ন, সম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধীতা, জনগোষ্ঠীয় আন্দোলন সমূহৰ চৰকাৰৰ ভূমিকা আদি” ভূঞাই লগতে কয়।

জাতীয়তাবাদক শক্তিশালী কৰি ৰাইজৰ মাজলৈ এক বহল মঞ্চ লৈ যোৱাৰ লগতে অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি শাসক গোষ্ঠীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সাংসদ ভূঞাই৷

আজিৰ বৈঠকতে গঠন কৰা হয় এখন আহ্বায়ক সমিতি৷ অজিত কুমাৰ ভূঞাক মুখ্য আহ্বায়ক হিচাপে দায়িত্ব দিয়াৰ লগতে আহ্বায়ক হিচাপে ৰখা হৈছে অদীপ কুমাৰ ফুকন, অধিবক্তা কমল নাৰায়ণ চৌধুৰী, হলিৰাম তেৰাং, গুন গগৈ, ৰাজকুমাৰ বৈশ্যক৷ সমন্বয়ৰক্ষী হিচাপে অধিবক্তা শান্তনু বৰঠাকুৰ, মনজিৎ মহন্ত আৰু লাচিত বৰদলক মনোনিত কৰা হৈছে৷

বৈঠকত অংশগ্ৰহণ কৰে অসম সংগ্ৰামী মঞ্চ, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ কমিটি, স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি, খিলঞ্জীয়া জনগোষ্ঠীয় জন চেতনা মহাসংঘ, লিবাৰেল ডেমক্ৰেটিক দলৰ প্ৰতিনিধিৰয়ে।

বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে হাইদৰ হুচেইন, নেকিবুৰ জামান, মীৰা বৰঠাকুৰ, অধিবক্তা শান্তনু বৰঠাকুৰ আৰু মনজিৎ মহন্ত আদি৷