আনলক-১ : হোটেল ৰেষ্টুৰেন্ট খোলাৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে আনলক-১৷

এই আনলক-১ৰ সময়ত বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷

ইফালে গুৱাহাটীত আজিৰ পৰা আৰম্ভ হোৱা আনল’ক-১ৰ সময়ছোৱাত মহানগৰীৰ ৰেঁস্তোৰাসমূহ খুলিব পাৰিব৷

কামৰূপ(ম) জিলা প্ৰশাসনে জাৰী কৰা এক জাননীত কিছু নতুন নিৰ্দেশনা দিয়া হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ লগতে জিলাখনত ৰেষ্টুৰেণ্ট খোলাৰ ক্ষেত্ৰত দিছে নতুন নিৰ্দেশনা৷

আনলক-১ত গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ মহানগৰ জিলাত খুলিব পাৰিব ৰেষ্টুৰেন্ট সমূহ৷

অন্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দৰে এদিন সোঁদিশ আন দিনা বাওঁদিশত খুলাৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা হোটেল-ৰেষ্টুৰেন্টসমূহৰ বাবে বলৱৎ নহ’ব৷ অৰ্থাৎ পথৰ দুয়োকাষে খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্টসমূহ৷

সোমবাৰৰ পৰা শুকুৰবাৰলৈকে সান্ধ্য আইন বলবৎ হৈ নথকা সময়ত খুলিব পাৰিব হোটেল-ৰেষ্টুৰেন্টসমূহ৷

ইপিনে হোটেল-ৰেষ্টুৰেন্ট খুলিলেও গ্ৰাহকে বহি খাব নোৱাৰিব, অনলাইন যোগে হোম ডেলিভাৰী কৰিব পাৰিব হোটেল-ৰেষ্টুৰেন্টসমূহে ৷