মানুহৰ মৃতদেহৰ পৰা সাৰ প্ৰস্তুত কৰিব নিউয়ৰ্কে

তাৰ পিছত পচন সাৰখিনি গৰম কৰি ৰোগ সৃষ্টিকাৰী বীজাণুবোৰক হত্যা কৰা হয়। তাৰ পিছত পচন সাৰখিনি মৃতকৰ আপোনজনৰ হাতত গতাই দিয়া হয়। ইয়াৰ সহায়ত ফুল, শাক-পাচলি বা গছ-গছনি ৰোপণ কৰিব পাৰি।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক কৰ্তৃপক্ষই মানুহৰ মৃতদেহৰ পৰা পচন সাৰ প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

এতিয়াৰ পৰা নিউয়ৰ্কত মৃত ব্যক্তিৰ আত্মীয়ই মৃতদেহবোৰক জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰিব পাৰিব। নিউয়ৰ্কৰ প্ৰশাসনে কৈছে যে সমাধি বা দাহ কৰাতকৈ মৃতদেহক সাৰলৈ প্ৰস্তুত কৰাটো পৰিৱেশৰ বাবে অধিক অনুকূল।

বিবিচিত পোৱা তথ্য অনুসৰি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত মৃতদেহ এটাক সাৰলৈ প্ৰস্তুত কৰা হয়। মৃতদেহটো এটা বিশেষ পাত্ৰত ৰাখি ঢাকনিৰে পাত্ৰটো বন্ধ কৰি দিয়া হয়। ঢাকি ৰখা মৃতদেহটোৰ লগত বিভিন্ন পচনশীল জাৱৰো প্ৰয়োগ কৰা হয়।  এনে অৱস্থাত কেইসপ্তাহমান থকাৰ পিছত মৃতদেহটো গেলি-পচি জৈৱিক সাৰলৈ ৰূপান্তৰিত হয়।

তাৰ পিছত পচন সাৰখিনি গৰম কৰি ৰোগ সৃষ্টিকাৰী বীজাণুবোৰক হত্যা কৰা হয়। তাৰ পিছত পচন সাৰখিনি মৃতকৰ আপোনজনৰ হাতত গতাই দিয়া হয়। ইয়াৰ সহায়ত ফুল, শাক-পাচলি বা গছ-গছনি ৰোপণ কৰিব পাৰি।

২০১৯ চনত বিশ্বত পোন প্ৰথম বাৰৰ বাবে আমেৰিকাৰ ৱাশ্বিংটনত এনে জৈৱিক সাৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা হৈছিল। তাৰ পিছত ক’লৰাডো, অৰেগন, ভাৰম’ণ্ট আৰু কেলিফৰ্ণিয়াই মৃতদেহৰ পৰা জৈৱিক সাৰ প্ৰস্তুতৰ এই প্ৰণালী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।

নিউয়ৰ্ক হৈছে বিশ্বৰ ষষ্ঠখন দেশ যিয়ে মানুহৰ মৃত শৰীৰৰ পৰা পচন সাৰৰ অনুমতি প্ৰদান কৰিছে। নিউয়ৰ্কৰ ডেম’ক্ৰেটিক গৱৰ্ণৰ কেথী হোচুলে শনিবাৰে এই পদ্ধতিক অনুমোদন জনাইছে।