অথলে গ’ল দ্বিতীয় ইনিংছৰ যুঁজ; নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৮ উইকেটত পৰাস্ত ভাৰত

শেষ ভালেই সকলো ভাল। কিন্তু ভাৰতৰ বাবে সেয়া নহ’ল। ২৬ বছৰীয়া যুৱকজনৰ কেৰিয়াৰৰ প্ৰথমটো দুৰ্দান্ত শতকেও বচাব নোৱাৰিলে ভাৰতৰ মুখ! দৰাচলতে টেষ্ট ক্ৰিকেট যিমানেই ৰোমাঞ্চেৰে ভৰা নহওক কিয়, ক’ৰবাত গৈ বাস্তৱৰ ৰুঢ় স্থিতিত আত্মসমৰ্পন কৰিবলৈ বাধ্য। অন্যথা ক্ৰিকেটৰ সকলো ব্যাকৰণ অৰ্থহীন হৈ পৰিলহেঁতেন।

উল্লেখ্য যে বাংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত পৰাস্ত হৈছে ভাৰত। দ্বিতীয় ইনিংছত ঋষভ পন্ত আৰু সৰফৰাজ খানৰ অদম্য যুঁজে মুজুৰা পৰি যোৱা টেষ্টখনত প্ৰাণ সঞ্চাৰ কৰিছিল। সৰফৰাজৰ ১৫০ ৰান আৰু পণ্টৰ ৯৯ ৰানৰ ইনিংছত আত্মবিশ্বাসী ক্ৰিকেট অনুৰাগীয়ে অসম্ভৱক সম্ভৱ কৰি তোলাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। হয়তো কিছুমানে অনুভৱ কৰিবলৈ লৈছিল যে প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰাণত অল আউট হোৱাৰ পিছতো টেষ্টত জয়ী হ’ব পাৰি।

কিন্তু শেষত নিউজিলেণ্ডে নিজৰ স্নায়ু ধৰি ৰাখি মেচখনত সহজেই জয়লাভ কৰে। দৰাচলতে পন্ট-সৰফৰাজৰ সংগ্ৰামৰ পিছত দ্বিতীয় পৰ্যায়ত ভাৰতে আন এক দুৰ্যোগৰ সন্মুখীন হ’ল। দ্বিতীয় ইনিংছত ভাৰতৰ শেষৰ ৭টা উইকেট ৬২ ৰানত আউট হৈ যায়।

লগতে পঢ়কঃ যুৱ এছিয়া কাপত ভাৰতে হৰুৱালে পাকিস্তানক; ৰুদ্ধশ্বাস মেচত ৭ ৰানত বিজয়ী তিলকবাহিনী

একেখন মেচতে দুবাৰকৈ বিপৰ্যয়ৰ পিছত জয়ৰ সপোন দেখাটো শেষত অবাস্তৱ বুলিয়ে প্ৰমাণিত হ’ল। অৱশেষত বাংগালুৰু টেষ্টত ৮ উইকেটত জয়লাভ কৰে নিউজিলেণ্ডে।

দৰাচলতে ভাৰতৰ দ্বিতীয় ইনিংছত মূলধন আছিল মুঠ ১০৬ ৰান। সেই ৰানেৰে নিউজিলেণ্ডক বিশেষ বাধা দিব নোৱাৰাটো প্ৰত্যাশিতই আছিল। কিন্তু পন্ট-সৰফৰাজে দেখুওৱা সপোনটোক যশপ্ৰীত বুমৰাহে সজীৱ কৰি তুলিছিল। পঞ্চম দিনৰ দ্বিতীয় বলটোত নিউজিলেণ্ডৰ অধিনায়ক টম লেথামৰ উইকেট দখল কৰিছিল। মূৰৰ ওপৰত ডাৱৰ, হাতত নতুন বল, ভাৰতীয় পেচাৰ দুজনে প্ৰথম কেইটামান অভাৰত দুৰ্দান্ত বলিং কৰিলে।

কিন্তু ভাগ্যই কোনো সহায় কৰা নাছিল। বহু সময়ত অলপৰ বাবে বেটৰ কোণত বলটো নালাগিল, কিম্বা বহুবাৰ অলপৰ বাবে ষ্টাম্প মিছ হৈছিল। আচলতে সমগ্ৰ টেষ্টখনতে এনে বহু সংকীৰ্ণ মুহূৰ্ত ভাৰতৰ বিৰুদ্ধে গৈছে। নহ’লে হয়তো ফলাফল বেলেগ হ’লহেঁতেন৷

লগতে পঢ়কঃ বন্ধ হৈ যাব পাৰে আপোনাৰো WhatsApp! ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰা হৈছে ৮৪ লাখ একাউণ্ট

যিয়েই নহওক, শেষ ভাল নহ’ল। প্ৰাৰম্ভিক আঘাত চম্ভালি ক্ৰীজত থাকিল নিউজিলেণ্ডৰ বেটছমেনসকল। বল পুৰণি হোৱাৰ লগে লগে ভাৰতীয় বলাৰৰ প্ৰভাৱ কমি আহিল। ফলত নিউজিলেণ্ডে ভাৰতে দিয়া লক্ষ্যত সহজে উপনীত হ’ল। ইয়ং (৪৫) আৰু ৰাচিন ৰবীন্দ্ৰই (৩৯) ধৈৰ্য্যৰে নিউজিলেণ্ডক বিজয়ী কৰিলে। ৩ খন মেচৰ শৃংখলাত নিউজিলেণ্ডে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিলে।

অৱশ্যে বাংগালুৰু টেষ্টত ভাৰতৰ ‘কামবেক’ ক্ৰিকেটপ্ৰেমীসকলে দীৰ্ঘদিনলৈ মনত ৰাখিব। প্ৰথম ইনিংছত ৪৬ ৰাণত অল আউট, ৩৫৬ ৰানত পিছ পৰি আছে, তাৰ পিছতো মেচত ঘূৰি আহিব পাৰে, প্ৰতিপক্ষই কঠিন যুঁজৰ সন্মুখীন হ’ব পাৰে, ই এই ভাৰতীয় দলৰ হাৰ নমনা মানসিকতাকে তুলি ধৰিছে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ৪৬, ৪৬২ (সৰফৰাজ ১৫০, পন্ট ৯৯)

নিউজিলেণ্ড: ৪০২, ১১০-২ (ইয়ং ৪৫, ৰেচিন ৩৯)

নিউজিলেণ্ডে ৮ উইকেটত জয়লাভ কৰে।