ছয় বছৰৰ মূৰত পুনৰ আই পি এল খেলাৰ সুযোগ পাইছে জিমি নিছামে

ছয়বছৰৰ মূৰত বিশ্বৰ সবাটোকৈ জনপ্ৰিয় টি-২০ লীগ আই পি এলত প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ জিমি নিছাম।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পোৱা সফলতা আৰু ইমান বছৰৰ অভিজ্ঞতাই নিছামক আই পি এলৰ এইটো সংস্কৰণত কিংছ ইলেভেন পঞ্জাৱৰ হৈ ভাল প্ৰদৰ্শন আগবঢ়োৱাত সহায় কৰিব বুলি উল্লেখ কৰে।

নিছামে কয় যে ছয় বছৰ পূৰ্বে দিল্লীৰ হৈ আই পি এলত অভিষেক কৰোতে নিজৰ সামৰ্থৰ বিষয়ে জনা নাছিলো।

উল্লেখ্য যে নিছামে ২০১২ চনত নিউজিলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ নিউজিলেণ্ড দলৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হৈছে।

যোৱা বছৰ ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপত নিউজিলেণ্ড দলে ফাইনেলত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিছামে যথেষ্ট গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল।

শুকুৰবাৰে ডুবাইত উপস্থিত হোৱা নিছামে কয়, ‍‘মই বহু সময়ৰ পিছত লীগত অংশ লৈছো। ছয়বছৰ পূৰ্বে মই অনভিজ্ঞ আছিলো আৰু এতিয়া যথেষ্ট অভিজ্ঞ। মই মোৰ অভিজ্ঞতা যুৱ খেলুৱৈসকলক দিব পাৰিম’।

তেওঁ লগতে কয়, ‍‘মই মোৰ দলটোক লৈ বহুত উৎসাহী হৈ আছো। কিয়নো আমাৰ দলত ক্ৰিছ গেইল, গ্লেন মেক্সৱেলৰ দৰে ভয়াৱহ ক্ৰিকেটাৰ আছে’।