দক্ষিণ আফ্ৰিকাক অনায়াসে পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল নিউজিলেণ্ড

নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হৈছে। দেওবাৰে ডুবাইত অনুষ্ঠিত ফাইনেলত টছত পৰাস্ত হৈ নিউজিলেণ্ডে ৫ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ৯ উইকেটত ১২৬ ৰানহে সংগ্ৰহ কৰে।

নিউজিলেণ্ড হৈছে প্ৰথম মহিলা টি-২০ বিশ্বকাপ চেম্পিয়ন। পুৰুষৰ ক্ৰিকেট বিশ্বকাপৰ দৰেই মহিলাৰ টি-২০ বিশ্বকাপতো অন্তিম পৰ্যায়ত দক্ষিণ আফ্ৰিকা পৰাস্ত হয়। পুৰুষৰ ক্ৰিকেটৰ দৰে দক্ষিণ আফ্ৰিকাই মহিলা ক্ৰিকেটতো চোকাৰ্ছ অপবাদৰ পৰা হাত সাৰি যাব নোৱাৰিলে।

দেওবাৰে শক্তি প্ৰদৰ্শন কৰি নিউজিলেণ্ড চেম্পিয়ন হয়। নিউজিলেণ্ডৰ অধিনায়ক ছফী ডেভিনে অৱশ্যে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। কিন্তু তেওঁৰ সতীৰ্থসকলে ভাল প্ৰদৰ্শন দেখুৱাই দলক চেম্পিয়ন কৰি তুলিলে।

নিউজিলেণ্ডৰ হৈ আমেলিয়া কেৰে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ ছুজি বেটছে ৩২ ৰান সংগ্ৰহ কৰে। ব্ৰুক হেলিডেই সংগ্ৰহ কৰে ৩৮ ৰান। দক্ষিণ আফ্ৰিকাৰ ইনিংছত দুগৰাকী অ’পেনাৰ ল’ৰা উলভাৰ্ট (৩৩) আৰু টাজমিন ব্ৰিটছে (১৭) ৰান ভাল আৰম্ভণি কৰে যদিও বাকীবোৰৰ কোনোৱেই যুঁজ দিব নোৱাৰিলে।

নিউজিলেণ্ডৰ হৈ ৰোজমেৰী মেয়াৰে ২৫ ৰান দি ৩টা উইকেট দখল কৰে। আমেলিয়াই ২৪ ৰাণত ৩টা উইকেট দখল কৰে। বেটিং আৰু বলিঙত অসাধাৰণ প্ৰদৰ্শনৰ বাবে তেওঁক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। একে সময়তে আমেলিয়াক প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে ২০০৯ আৰু ২০১০ চনত মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল নিউজিলেণ্ড। ১৪ বছৰৰ পাছত নিউজিলেণ্ডে মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি চেম্পিয়ন হয়। পুৰুষ ক্ৰিকেটৰ উপৰিও মহিলা ক্ৰিকেটতো নিউজিলেণ্ডে আধিপত্য প্ৰদৰ্শন কৰি আহিছে। পুৰুষৰ দলটোৱে এতিয়াও টি-২০ বিশ্বকাপ চেম্পিয়ন হ’ব পৰা নাই যদিও নিউজিলেণ্ডৰ মহিলা দলটোৱে এই কৃতিত্ব অৰ্জন কৰিলে।