বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনীয়া‌ৰ নৱ নিৰ্বাচিত বিধায়ক হাফিজ ৰফিকুল ইছলামৰ

Jania-Constituency

জনীয়াৰ নৱ নিৰ্বাচিত বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম। ফাইল ফটো

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস” শ্লোগান যাতে জুমলা নহয় সেয়া প্ৰমাণ কৰিবলৈ ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানবোৰ  প্ৰাদেশিকীকৰণ কৰাৰ বাবে বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায় জনীয়া‌ৰ নৱ নিৰ্বাচিত বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ৷

শনিবাৰে কলগাছিয়াত সংবাদ মাধ্যমৰ জৰিয়তে এই প্ৰত্যাহ্বান জনায় জনীয়া‌ৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে ৷

তেওঁ কয়, “চৰকাৰে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পৰা সেৱা লৈ আছে যদিও এই শিক্ষক-কৰ্মচাৰী সকলৰ সমস্যা সমাধান কৰা নাই ৷ ২০-২৫ বছৰ ধৰি দৰমহাৰ মুখ নেদেখাকৈ নানান সমস্যাৰ মাজত শিক্ষক-কৰ্মচাৰী সকলে সেৱা আগবঢ়াই আছে ৷”

প্ৰধান মন্ত্ৰীৰ “সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস”শ্লোগান যাতে “জুমলা” নহয় তাৰ প্ৰমাণ কৰিবলৈ ভেন্সাৰ শিক্ষানুষ্ঠানবোৰ প্ৰাদেশিকীকৰণ কৰাৰ বাবে বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায় ড° হাফিজ ৰফিকুল ইছলামে ৷

দ্বিতীয়বাৰৰ বাবে জনীয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ইছলামে বিধানসভাৰ সদনৰ মজিয়াতো ভেন্সাৰ শিক্ষক-কৰ্মচাৰীসকলৰ সমস্যাসমূহকলৈ সৰৱ হৈ পৰিব বুলি আশা কৰিছে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলে।

দীৰ্ঘদিন ধৰি বঞ্চনাৰ বলি হৈ অহা ভেন্সাৰ শিক্ষক-কৰ্মচাৰীসকলৰ সমস্যাক লৈ চৰকাৰে সুষ্পষ্ট নীতি এটা গ্ৰহণ নকৰাৰ ফলত বিষয়টো এতিয়া যেন এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে।