NORTHEAST NOW (Assamese)

এআইয়ুডিএফ-কংগ্ৰেছৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যসভাৰ বিৰোধীৰ মনোনীত প্ৰাৰ্থী অজিত কুমাৰ ভূঞা

March 18, 2020 7:09 pm · দ্বীপজ্যোতি শর্মা
Updated: March 18, 2020 8:45 pm

এআইয়ুডিএফৰ প্ৰশংসাত পঞ্চমুখ  হৈ পৰিছে বিৰোধীৰ ৰাজ্য সভাৰ উমৈহতীয়া মনোনীত প্ৰাৰ্থী অজিত কুমাৰ ভূঞা৷

আজি দিনত  গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা অসম নাগৰিক সমাজৰ এক সংবাদ মেলত এআইয়ুডিএফ আৰু কংগ্ৰেছক প্ৰশংসাৰে উপচাই পেলালে অজিত কুমাৰ ভূঞাই ৷

উল্লেখ্য যে, অসমত খালী হোৱা ৰাজ্য সভাৰ তৃতীয়খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে অজিত কুমাৰ ভূঞা।

সংবাদ মেলত অজিত কুমাৰ ভূঞাই কয় যে, বিজেপিৰ দৃষ্টিত এআইয়ুডিএফ যি সেয়া মোৰ দৃষ্টিত নহয়৷ বিজেপিয়ে  ভিত্তিবৰ্ষ ৭১ৰ কথাকৈ এতিয়া আকৌ হিন্দুত্ববাদী ৰাজনীতিৰ বাবে ৫১ৰ কথা কয়৷ কিন্তু এআইয়ুডিএফ-এ অসম চুক্তিক সমৰ্থন কৰিছে৷ কিন্ত বিজেপিয়ে অসম চুক্তিক নসাৎ কৰিছে৷

এনআৰচি উন্নীতকৰণত সহায় কৰিছে এআইযুডিএফ৷ বিজেপি কিন্তু আতৰি আছে৷ এক কথাত কবলৈ গ’লে জাতীয় জীৱনলৈ এআইয়ুডিএফৰ সমৰ্থন আছে৷

ভূঞাই লগতে কয় যে,  ৩৫ বছৰীয়া সাংবাদিকতাৰ পিছত সংসদীয় ৰাজনীতিলৈ যাবলৈ বাধ্য হলো৷ সাংবাদিকসকলো ৰাজনৈতিক ভাবে পৰিচালিত হব লগা হয় বহু সময়ত৷ৰাজ্য সভাৰ নিৰ্বাচন বুলি ক’লে আগৰ দৰে গুৰুত্ব দিব লগা নহয়৷ পূৰ্বতে কিছু আদৰ্শই ৰাজনীতি পৰিচালিত কৰিছিল৷ সেই সময়ত ৰাজ্য সভালৈ পঠিয়ালেও প্ৰস্তাৱ নাকচ কৰিছিল৷ কিন্তু আজি কালি প্ৰতিযোগিতা৷ ১৯৯২ চনৰ পৰা যেতিয়াই মই গ্ৰেপ্তাৰ হৈছিলো সক্ৰিয় ৰাজনীতিৰ প্ৰস্তাৱ আহিছিল প্ৰতিবাৰেই৷

তেওঁ আৰু কয়, মোৰ সিদ্ধান্ত আছিল ৰাজনীতিত অংশগ্ৰহণ নকৰা ৷ ১৫১৬ দিনৰ ভিতৰতে মই ৰাজ্য সভালৈ যোৱা কথাটো আৰম্ভ আৰু শেষ হৈছে। এনেকৈয়ে যে সম্ভৱ হ’ব পাৰে মই ভবা নাছিল৷

বিজেপিৰ সাম্প্ৰদায়িক স্থিতিৰ বিৰোধিতা, গণতন্ত্ৰ ৰক্ষা, সংবিধান ৰক্ষাৰ প্ৰশ্ন, ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই আৰু নকৰো ৷ য’তেই সুবিধা পাইছো তাতেই কা বিৰোধিতা কৰিছো৷ সংসদৰ ভিতৰত নিৰ্দিষ্ট বাধ্যবাধকতাৰ মাজত থাকি কা বিৰোধিতা কৰি যাম৷ ভূঞাৰ মন্তব্য।

ভূঞাই কংগ্ৰেকো প্ৰশংসা কৰি কয় কংগ্ৰেছৰ দিনত অত্যাচাৰৰ সন্মুখীন হৈছিলো কিন্তু তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া শাসনত অত্যাচাৰৰ সন্মুখীন হোৱা নাছিলো৷

অজিত কুমাৰ ভূঞা ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাটো কা আন্দোলনৰ বাবে আশাৰ বতৰা। এই মন্তব্য কৰে অসম নাগৰিক সমাজৰ সাধৰন সম্পাদক পৰেশ মালাকৰে ৷

লগতে মালাকৰে কয়, চলে বলে কৌশলে বিভাজনৰ ৰাজনীতি কৰি ক্ষমতা কিদৰে দখল কৰিব পাৰি এয়াই বিজেপিৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ তেনে পৰিস্থিতিত কা আন্দোলনত অগ্ৰণী ভূমিকা লোৱা অজিত কুমাৰ ভূঞা ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাটো কা বিৰোধী শিবিৰৰ বাবে এক নতুন উদ্যম আৰু আশাৰ সঞ্চাৰ কৰিছে৷

সংবাদমেলত উপস্থিত থাকে অসম নাগৰিক সমাজৰ উপ সভাপতি প্ৰশান্ত ৰাজগুৰু, সাধাৰণ সম্পাদক পৰেশ মালাকৰ আৰু  জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ৷

Related News