NORTHEAST NOW (Assamese)

ডিজিটাইজেচনলৈ অতিকায় মিডিয়া গোষ্ঠী নিউজ কৰ্প অষ্ট্ৰালিয়া, কৰ্মহীন হ’ব বহু সাংবাদিক

May 28, 2020 10:33 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- টুইটাৰ।

অতিকায় মিডিয়া গোষ্ঠী নিউজ কৰ্প অষ্ট্ৰালিয়াই ব্যাপক ডিজিটাইজেচনৰ পথ লৈছে আৰু ইয়াৰ ১০০খনৰো অধিক বাতৰি কাকত হয় সম্পূৰ্ণৰূপে বন্ধ, নহয় ডিজিটেল কৰিবলৈ লৈছে।

গোষ্ঠীটোৰ এই সিদ্ধান্তৰ ফলত কাকতৰ সৈতে জৰিত সাংবাদিককে ধৰি বহুসংখ্যক লোক কৰ্মহীন হৈ পৰাটো নিশ্চিত হৈছে।

নিউজ কৰ্প অষ্ট্ৰালিয়াৰ অধীনত আঠ হাজাৰ কৰ্মচাৰীকে ধৰি প্ৰায় তিনি হাজাৰ সাংবাদিকে কাম কৰি আছে।

গোষ্ঠীটোৰ বিবৃতি মতে, তেওঁলোকে সংস্থাটো নতুন ৰূপত সংগঠিত কৰিব খুজিছে আৰু অহা ২৯ জুনৰ পৰা তেওঁলোকৰ বহুবিলাক কাকত কেৱল ডিজিটেল ৰূপতহে প্ৰকাশিত হ’ব।

কৰ’নাভাইৰাছ মহামাৰীৰ মাজত ইয়াৰ ছপা কাকতসমূহ ধৰি ৰখাটো সম্ভৱ হৈ থকা নাই বুলি গোষ্ঠীটোৱে প্ৰকাশ কৰিছে।

“…উপভোক্তা আৰু ব্যৱসায়সমূহ য’লৈ গতি কৰিছে তাত মনোনিৱেশ কৰাৰ বাবে আমি নিউজ কৰ্প অষ্ট্ৰালিয়াক নতুন ৰূপ দিব খুজিছো আৰু অষ্ট্ৰালিয়াৰ আগশাৰীৰ ডিজিটেল নিউজ মিডিয়া কোম্পানিৰূপে আমাৰ স্থিতি শক্তিশালী কৰিব খুজিছো,” প্ৰকাশিত বাতৰিত গোষ্ঠীটোৰ কাৰ্য্যবাহী সঞ্চালক মাইকেল মিলাৰৰ উদ্ধৃতি।

গোষ্ঠীটোৰ এই সিদ্ধান্তৰ ফলত কিমান লোকে চাকৰি হেৰুৱাব সেয়া প্ৰকাশ পোৱা নাই যদিও অষ্ট্ৰালিয়ান মিডিয়াৰ অনুমান মতে এই সংখ্যা এহেজাৰৰ কম নহ’ব।

Related News