• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে জন-ধন একাউণ্টৰ নামতো ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 28, 2020 11:06 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে চৰকাৰে জন–ধন একাউণ্টৰ নামতো ৰাজনীতি কৰিছে।

এক ভিডিঅ’যোগে এই মন্তব্য কৰি বিৰোধী দলপতি শইকীয়াই দুখীয়া শ্ৰমিক আৰু কৃষকসকলক মাহে ৭,৫০০/- টকাকৈ অনুদান হিচাপে আগবঢ়াবলৈ আহ্বান জনায়৷

Apply Now

তেওঁ কয় “ক‘ভিড১৯ৰ পৰিপ্ৰেক্ষিতত, আমি সকলোৱে জ্ঞাত যে বৰ্তমান দেশৰ পৰিস্থিতি মুঠেই সন্তোষজনক নহয়। এফালে ক‘ৰোণা ভাইৰাছৰ আতংক আৰু আনফালে ইয়াৰ প্ৰভাৱত হোৱা দেশৰ আৰ্থিক নাটনিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল, আমাৰ শ্ৰমিক বন্ধুসকল, কৃষকসকল তথা লঘু আৰু ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগসমূহৰ ৰাজহাড় ভাঙি পেলাইছে।যদিও ভাষণত প্ৰধানমন্ত্ৰীয়ে ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে কিন্তু এইসকলৰ হাতত চৰকাৰে আৰ্থিক সাহায্য হিচাপে এটকাও প্ৰদান কৰিব নোৱাৰিলে।”

ইউ পি এ-২ত সেই সময়ৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙে দুখীয়া লোকসলৰ বাবে তথা বেংক একাউণ্ট নথকা লোকসকলৰ বাবে ২০১১ চনত Zero Balance একাউণ্ট খোলাৰ সুবিধা কৰাই দিছিল উল্লেখ কৰি শইকীয়াই কয় “ইয়াৰ পৰৱৰ্তী সময়ত কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ পিছত মোদী চৰকাৰে এই আচঁনিখনকে জন ধন নামেৰে আগবঢ়ালে যদিও এই বিপৰ্যয়ৰ সময়ত কেন্দ্ৰীয় চৰকাৰে জন ধন একাউণ্টত পাঁচশ টকাকৈ অনুদান দিয়াৰ যি এক ঘোষণা কৰিলে তাৰপৰা আগৰ Zero Balance একাউণ্টৰ হিতাধিকাৰীসকলক বঞ্চিত কৰিলে।”

দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি থকা শ্ৰমিকসকলৰ হাতত যোৱা দুমাহ ধৰি এটকাও নাই, কৃষকসকলৰ খেতি–বাতিত নতুনকৈ হাত দিবলৈ ধনৰ অভাৱত ন্যূনতম সাহসখিনিও নাই বুলি উল্লেখ কৰি শইকীয়াই কয় “ইতিমধ্যে লকডাউনৰ বাবে আৰু চৰকাৰৰ বিশেষ প্ৰচেষ্টাৰ অভাৱত তেওঁলোকৰ শস্য, শাক–পাচলি পথাৰতে নষ্ট হৈ গৈছে। নিৰ্মাণ আৰু উৎপাদন বন্ধ হৈ যোৱাৰ ফলত লঘু আৰু ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগসমূহৰ পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰ তথা বিভিন্ন দল সংগঠনে এই সময়চোৱাত এওঁলোকক সাহায্য হিচাপে খোৱা–বোৱাৰ ব্যৱস্থা কৰিছিল যদিও সেয়া আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য অবিহনে প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ পঠিওৱাটো সম্ভৱ নাছিল আৰু যাৰবাবে সোত্তৰ শতাংশ ব্যক্তিয়ে এই সুবিধা নাপালে।”

চৰকাৰৰ ওচৰত দাবী জনাই শইকীয়াই কয় “কংগ্ৰেছ দলে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বহুলভাৱে প্ৰচাৰ কৰা ন্যায় আঁচনিৰ অনুৰূপে এক আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়াল, শ্ৰমিক আৰু কৃষকসকলক চৰকাৰে ১০,০০০ টকাকৈ এককালীন সাহায্য আৰু প্ৰতি মাহে ৭,৫০০ টকাকৈ অনুদান আগবঢ়াওক।”

লগতে তেওঁ কয় লঘু আৰু ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগ সমূহক আৰ্থিক সাহায্য আগবঢ়াওক কাৰণ এওঁলোকৰ লগত দেশৰ এক বৃহৎ মধ্যবিত্তীয় পৰিয়াল জড়িত হৈ আছে। দেশৰ এই ব্যক্তিসকলক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই অনাৰ এয়াই একমাত্ৰ বিকল্প, তেওঁ কয়।
“হাতত ধন নোহোৱাকৈ আৰ্থিক অভাৱত এইসকল লোক পুনৰ সংস্থাপিত হোৱাটো অসম্ভৱ,” শইকীয়াই কয়।

চৰকাৰে ৰাজনৈতিক বিচাৰধাৰাৰ ঊৰ্ধ্বত ৰাখি সৰ্বসাধাৰণৰ নিমিত্তে বিষয়টো সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰিব বুলি আশা কৰে শইকীয়াই৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd