টীয়কৰ প্ৰেছ ক্লাবৰ সাংবাদিকতা বঁটাৰ বাবে বাতৰি আহ্বান : অনুসন্ধানমূলক বাতৰিয়ে পাব গুৰুত্ব

pressclub

অসমৰ মফচলীয় সংবাদসেৱী সকলক উৎসাহ প্ৰদানৰ লক্ষ্যৰে টীয়কৰ প্ৰেছ ক্লাবে এই বছৰৰ পৰা প্ৰবৰ্তন কৰা মৃদুল বৰুৱা সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা আৰু বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী অনুসন্ধান মূলক সাংবাদিকতা বঁটাৰ বাবে অসমৰ বিভিন্ন ঠাইৰ অসমীয়া মাধ্যমৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱীৰ পৰা প্ৰকাশিত বাতৰি আহ্বান কৰিছে।

২০১৯ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰকাশ পোৱা বাতৰিৰ ভিত্তিত এই বঁটাসমূহ বিবেচনা কৰা হ’ব।

ইয়াৰে গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে নিৰ্দ্ধাৰিত সময়ত প্ৰকাশ পোৱা ৫ টা বাতৰি বা প্ৰতিবেদন  প্ৰকাশক গোষ্ঠী অথবা সম্প্ৰচাৰ বিভাগৰ সংশ্লিষ্ট কৰ্তপক্ষৰ দ্বাৰা প্ৰত্যায়িত কৰি পঠাব লাগিব।

অনুসন্ধানমূলক বাতৰিৰ ক্ষেত্ৰত নিদিৰ্ষ্ট বিষয়বস্তুক প্ৰতিষ্ঠা কৰাবলৈ সক্ষম হোৱা বাতৰিহে বিবেচিত হ’ব।

একোটা বিষয়বস্তুক উত্থাপন কৰাৰ পাচত প্ৰকাশ হৈ থকা এক বা ধাৰাবাহিক প্ৰতিবেদনৰ প্ৰতিলিপি আবেদনসহ প্ৰেৰণ কৰিব লাগিব।

ইচ্ছুক আবেদনকাৰীয়ে অহা ৬ ফেব্ৰুৱাৰী বা তাৰ আগতে পোৱাকৈ teokpressclub@gmail.com  মেইল যোগে আবেদন পঠাব লাগিব।

এই সম্পৰ্কত অধিক জানিবৰ বাবে  ৯৮৫৯৬৪৭৪৫৭ আৰু  ৭০৮৬৩৫৪৫৬৭ নম্বৰত  যোগাযোগ কৰিব পাৰিব।