১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক : উপস্থিত থাকিবনে বিৰোধী দলৰ মুখ্যমন্ত্ৰী সকল?

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক। মঙলবাৰে এই কথা ঘোষণা কৰে ৰাষ্ট্ৰীয় জনতা দলৰ শীৰ্ষ নেতা লালু প্ৰসাদ যাদৱে। 

আজি অৰ্থাৎ বুধবাৰে কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছিল যদিও কেইবাজনো শীৰ্ষ নেতাই বৈঠকত উপস্থিত থাকিব নোৱাৰিম বুলি কোৱাত এই বৈঠক পিছুৱাই দিয়া হয়। 

মঙলবাৰে নিশা লালু প্ৰসাদ যাদৱে কয় যে ১৭ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক হ’ব।

উল্লেখ্য যে ৩ ডিচেম্বৰ দেওবাৰে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ থকাৰ সময়তে কংগ্ৰেছে সৰ্বভাৰতীয় মিত্ৰজোঁটৰ বৈঠকৰ আহ্বান জনাইছিল। কিন্তু আলোচনা নকৰাকৈয়ে হঠাতে মিত্ৰজোঁটৰ বৈঠকৰ আহ্বানত অসন্তুষ্ট হৈ পৰিছিল কেইবাটাও অংশগ্ৰহণকাৰী দল তথা কেইবাগৰাকীও নেতা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেন আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে।

তেওঁলোকে সভাত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি প্ৰকাশ কৰাৰ পিছতেই মঙলবাৰে কংগ্ৰেছে মিত্ৰজোঁটৰ বৈঠক স্থগিত ৰখাৰ কথা ঘোষণা কৰে। 

আনহাতে, বুধবাৰে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ব্যস্ত বুলি কংগ্ৰেছক স্পষ্ট কৰি দিছে। 

তামিলনাডুত ঘূৰ্ণীবতাহ মিগজাউমৰ ফলত হোৱা ক্ষতিৰ সৈতে মোকাবিলা কৰাত ব্যস্ত মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। উদ্ধাৰ কাম এৰি ভাৰত মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও তেওঁ কয়। 

আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিব বুলি মন্তব্য কৰে। 

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কয় যে তেওঁ ইতিমধ্যে অন্য অনুষ্ঠানত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে এই বৈঠকত উপস্থিত থাকিব নোৱাৰিব। 

উল্লেখ্য যে অহা ১৭ ডিচেম্বৰৰ বিৰোধী ঐক্যৰ বৈঠকত এই মুখ্যমন্ত্রীসকল উপস্থিত থাকিব নে নাই সেয়া লক্ষ্যণীয় হ’ব৷