কা’ বিৰোধী প্রতিবাদত ১০০ কোটি টকাৰ লোকচান উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ

NF-Railway-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক প্ৰতিবাদৰ ফলত উত্তৰ-পূব সীমান্ত ৰেইলৱেই ইয়াৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যোৱা ৩০ ডিচেম্বৰ, ২০১৯লৈকে প্ৰায় ১০০ কোটিতকৈ অধিক টকাৰ ক্ষতিৰ সন্মুখীন হৈছে।

উত্তৰ-পূব সীমান্ত ৰেইলৱেই এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে এই ক্ষতি কেৱল ৰেইলৱেৰ সম্পত্তি ধ্বংস কৰাৰ বাবেই নহয়, কিন্তু লগতে উত্তৰ-পূব মণ্ডলৰ পৰা আন মণ্ডললৈ যাত্ৰীবাহী ৰেইল তথা মালগাড়ীৰ বাতিলকৰণৰ ফলতো হৈছে।

ৰেইল ষ্টেশ্যন জ্বলাই দিয়া, ৰেইলৱে লাইন, লেভেল ক্ৰছিঙৰ ক্ষতিসাধন, গুৰকুত্বপূৰ্ণ যোগাযোগ তথা আন ইলেকট্ৰনিক সা-সামগ্ৰী জ্বলাই দিয়াৰ ফলত এই ক্ষতিসাধন হৈছে।

তিনিচুকীয়া, কাতিহাৰ, লামডিং, ৰঙিয়াৰ দৰে ডিভিজনসমূহত ৰেইলৱেৰ সম্পত্তিৰ মুঠ ক্ষতি প্ৰায় ১০ কোটি টকা হ’ব।

যাত্ৰীৰ পৰা আহিবলগীয়া আয় হেৰুৱাবলগীয়া হোৱাৰ ফলত প্ৰায় ৩০.১৩ কোটি টকা লোকচান হৈছে।

সেইদৰে মালবাহী ৰেইলৰ সা-সামগ্ৰীৰ পৰা আহিবলগীয়া প্ৰায় ৬৩.৪২ কোটিৰ লোকচানৰ লগতে পাৰ্ছেলৰ পৰা হ’বলগীয়া আয় প্ৰায় ৫.০৫ কোটি টকাৰ ক্ষতি হৈছে।

এই সমস্ত লোকচান হৈছে যোৱা ৯ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰ,২০১৯ লৈকে সময়ছোৱাত।

উক্ত সময়ছোৱাত ৰেইল যাত্ৰা বাতিল হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ প্ৰায় ৩৮.৮৬ লাখ যাত্ৰীয়ে তেওঁলোকৰ যাত্ৰা কৰিব নোৱাৰিলে।

কোৱা হৈছে যে উত্তৰ-পূব সীমান্ত ৰেইলৱেই আইন শৃংখলা পৰিস্থিতিৰ উন্নতি হোৱাৰ পাছতেই কিছুমান আক্ৰান্ত অঞ্চললৈ ৰেইল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে, আন কিছুমান অঞ্চলত সংঘটিত হোৱা ক্ষতিৰ এতিয়াও মেৰামতিৰ কাম চলি আছে।