NORTHEAST NOW (Assamese)

বিহাৰকে ধৰি ৫ ৰাজ্যৰ ১২খন অখ্যাত বাতৰি কাকতত বিজ্ঞাপন দান এন এফ ৰে’লৱে’ৰ

July 12, 2019 9:57 pm · অনিৰ্বাণ ৰয়
Updated: July 12, 2019 9:58 pm
প্ৰতীকী ছবি।

এন এফ ৰে’লৱে’ই বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু পশ্চিম বংগৰ ১২খন অখ্যাত আৰু লুপ্ত বাতৰি কাকতত বিজ্ঞাপন জাৰি কৰাটো চি বি আই-এ ধৰা পেলাইছে।

এক প্ৰতিবেদনৰ ভিত্তিত, চি বি আই-এ এটা নিজাববীয়া গোচৰ (০৬/২০১৯) পঞ্জীয়ন কৰিছে আৰু কেলেংকাৰিটো সন্দৰ্ভত এন এফ ৰে’লৱে’ৰ মুখ্যালয়কে ধৰি গুৱাহাটীৰ ১৪টা স্থানত বৃহস্পতিবাৰে তালাচী চলাইছে।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ১৫৮ কোটি টকা ৰাজহুৱা ধন সৰকোৱাত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ ছগৰাকী বিষয়া জৰিত আছে।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ, সঠিক অনুমোদন নোহোৱাকৈয়ে এন এফ ৰে’লৱে’ বিষয়াকেইগৰাকীয়ে বিজ্ঞাপন জাৰি কৰা সেই ১২খন অখ্যাত আৰু বিলুপ্ত বাতৰি কাকত হৈছে:

বিহাৰ হাজিপুৰৰ কন হাৰা (হিন্দী)

বিহাৰ মুজাফৰপুৰৰ গৰম হাৱা (হিন্দী)

মধ্য প্ৰদেশ গোৱালিয়ৰৰ অমৃত ইণ্ডিয়া (হিন্দী)

উত্তৰ প্ৰদেশ দেৱৰিয়াৰ হমাৰা মঞ্জিল (উৰ্দু)

পাটনাৰ আৱাজ-এ-বিহাৰ (উৰ্দু)

পাটনাৰ তাচিৰ (উৰ্দু)

পাটনাৰ আৰ্থিক ধাৰা (হিন্দী)

উত্তৰ প্ৰদেশ বস্তিৰ সদ্ভাৱনা কা প্ৰতীক (হিন্দী)

বিহাৰ হাজিপুৰৰ অনুগামিনী (হিন্দী)

বিহাৰ সমষ্টিপুৰৰ আপ তক (হিন্দী)

হাৰিয়ানা কাৰ্নালৰ জ্যোতি দৰ্পন (হিন্দী)

ক’লকাতাৰ ক’লকাতা তেন্দাৰ এণ্ড অক্সন নিউজ (সাপ্তাহিক)

গুৱাহাটীৰ পৰা প্ৰকাশিত আমি অসমৰ জনগণ নামৰ অসমীয়া দৈনিকখনতো জ্যেষ্ঠ বিষয়াৰ অনুমোদন অবিহনেই বিজ্ঞাপন জাৰি কৰাৰ বাবে এন এফ ৰে’লৱে’ বিষয়াসকল প্ৰশ্নৰ সন্মুখীন হৈছে।

লগতে পঢ়ক– গুৱাহাটীৰ ১৪টা স্থানত চলিছে চি বি আইৰ সমান্তৰাল অভিযান

চি বি আই-এ পোৱা মতে, মহা প্ৰবন্ধক (নিৰ্মাণ)ৰ অনুমোদন অবিহনেই অখ্যাত বাতৰিকাকতকেইখনত এন এফ ৰে’লৱে’ৰ বিষয়াকেইগৰাকীয়ে বিজ্ঞাপন জাৰি কৰিছিল।

বাতৰি কাকতত বিজ্ঞাপনৰ বাবদ ২০১৪-১৫ বৰ্ষত এন এফ ৰে’লৱে’ (নিৰ্মাণ)এ ৩২.২১ কোটি টকা খৰচ কৰিছিল। ২০১৫-১৬ বৰ্ষত বিজ্ঞাপন প্ৰকাশৰ বাবে ৩৯.৭ কোটি টকাতকৈয়ো অধিক ব্যয় কৰা হৈছে।

২০১৬-১৭ বৰ্ষত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ বিজ্ঞাপন বাজেট আছিল ২৩.২২ কোটি টকা, আৰু ২০১৭-১৮ত খৰচ কৰা হৈছিল ৬২.৪১ কোটি টকা।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চাকাংক্ষী মিছন ২০২০ৰ অধীনত উত্তৰ-পূববাসীয়ে উন্নত যোগাযোগৰ আশা পালি থকাৰ সময়তে এন এফ ৰে’লৱে’ৰ বিষয়াৰ এই বৃহৎ পৰিমাণৰ ধন হৰলুকিয়ে এই সপোন ভাঙি চূৰমাৰ কৰাটো নিশ্চিত।

নৰেন্দ্ৰ মোদীৰ মিছন ২০২০ৰ অধীনত উত্তৰ-পূবৰ আঠ ৰাজ্যত যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ দায়িত্ব এন এফ ৰে’লৱে’ক দিয়া হৈছে।

Related News