NORTHEAST NOW (Assamese)

মহানগৰীত লোমহৰ্ষক হত্যা কাণ্ড : শৰাইঘাটৰ দলঙৰ ওপৰত মৃতদেহ এৰি দুৰ্বৃত্তৰ পলায়ন, এজনক কৰায়ত্ত

May 27, 2021 2:44 pm · মৃদুল প্ৰীতম ডেকা
Updated: May 27, 2021 2:50 pm

সান্ধ্য আইনৰ মাজতে আমিনগাঁৱৰ শৰাইঘাট দলঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বুধবাৰে নিশা শৰাইঘাট দলঙৰ ওপৰতে এটা মৃতদেহ পেলাই পলায়ন কৰে এদল দুৰ্বৃত্তই।

জানিব পৰা মতে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ কৰ্মচাৰী সন্তোষ কুমাৰ নামৰ লোকজনক মোহন গিৰি নামৰ খুলশালিয়েকে অন্য সহযোগীৰ সৈতে হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই স্কুটিৰে কঢ়িয়াই আনিছিল।

শৰাইঘাটৰ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পেলাবলৈ অনা মৃতদেহটো তহলদাৰী আৰক্ষীৰে ভেটাভেটি হোৱাত দলঙৰ ওপৰতে পেলাই দুৰ্বৃত্তৰ দলটো পলায়ন কৰিবলৈ চেষ্টা কৰে।

জালুকবাৰী আৰক্ষীয়ে খেদি খেদি এজন লোকক কৰায়ত্ত কৰা লগতে এখন স্কুটিও জব্দ কৰিবলৈ সক্ষম হয়।

AS 01 DX 5822 নম্বৰৰ স্কুটীখনতে মৃতদেহটো কঢ়িয়াই আনিছিল দলটোৱে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দলটোত চাৰিজন লোক আছিল।

কৰায়ত্ত কৰা লোকজনক জালুকবাৰীৰ আৰক্ষী থানালৈ আনি জেৰা চলোৱা হয়। জেৰাত প্ৰকাশ পাইছে যে দলটোৱে ৰে’ল বিভাগৰ কৰ্মচাৰীজনক হত্যা কৰি মৃতদেহটো শৰাইঘাট দলঙৰ ওপৰৰ ব্ৰহ্মপুত্ৰলৈ পেলাই দিয়াৰ কথা আছিল।

দলটোৱে মালিগাঁও ৰে’লৱে কলনিৰ সন্তোষ কুমাৰ নামৰ লোকজনক ডিঙি ৰেপি, পেটত হানি খুচি হত্যা কৰা বুলি প্ৰকাশ কৰিছে। লোকজনৰ মৃতদেহটোৰ কেবা ঠাইতো আঘাতৰ চিহ্ন আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

হত্যাকাণ্ডটোত আৰু লোক জড়িত থকাৰ সন্দেহ কৰি তেওঁলোকক কৰায়ত্ত কৰিবলৈ জালুকবাৰী আৰক্ষীয়ে মোহন গিৰিক লগত লৈ মহানগৰীত অভিযান অব্যাহত ৰাখিছে।

Related News