DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডত মৃত্যু অসমৰ ছপাশাল বিপ্লৱৰ অগ্ৰদূত অশ্বিনী কুমাৰ শৰ্মাৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2021 2:40 pm
bbk
217
VIEWS
Share on FacebookShare on Twitter

কাল কোভিডে পুনৰ কাঢ়ি নিলে অসমৰ এগৰাকী সু-সন্তানক।

অসমৰ ছপাশাল বিপ্লৱৰ অগ্ৰদূত তথা অসম আন্দোলনৰ সময়ত ছাত্ৰ নেতা-কৰ্মীসকলৰ অন্যতম শুভাকাংক্ষী তথা পৰামৰ্শদাতা হিচাবে পৰিচিত বিশিষ্ট উদ্যোগপতি অশ্বিনী কুমাৰ শৰ্মাৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে শৰ্মাক চিকিৎসাধীন কৰোৱা হৈছিল গুৱাহাটী মহানগৰীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হাস্পতালত।

চিকিৎসাধীন অৱস্থাতে শৰ্মাৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত অশ্বিনী কুমাৰ শৰ্মাৰ বয়স হৈছিল ৭৪ বছৰ।

১৯৬৬ চনতে মহানহৰীৰ গুৱাহাটী ক্লাবত শৰ্মাই আৰম্ভ কৰিছিল শৰাইঘাট প্ৰিণ্টাৰ্ছ নামৰ ছপাশালটো।

অসম আন্দোলনৰ ভৰপক সময়ত শৰাইঘাট প্ৰিণ্টাৰ্ছতে ছপা কৰা হৈছিল আছুৰ বিভিন্ন প্ৰচাৰ পত্ৰিকাকে ধৰি অন্যান্য নথি-পত্ৰ।

এনেবোৰ কামৰ জৰিয়তে শৰ্মাই আছুক সহায় কৰাৰ উপৰি আন্দোলনকাৰী ছাত্ৰ নেতা-কৰ্মীসকলৰ বাবে তেওঁ আছিল অভিভাৱক স্বৰূপ। বহু জটিল সময়ত আন্দোলনকাৰী নেতা-কৰ্মীসকলক তেওঁ নানান পৰামৰ্শ দিছিল।

নলবাৰীত জন্মগ্ৰহণ কৰা অশ্বিনী কুমাৰ শৰ্মাই গুৱাহাটীৰ খাৰঘূলিত নিগাজীকৈ থাকিবলৈ লৈছিল। খাৰঘূলিৰ বিহু সন্মিলন, নৱজ্যোতি সাংস্কৃতিক সংঘ, খাৰঘূলি যুৱ উন্নয়ন সংঘ আদিৰ সৈতেও শৰ্মা জৰিত আছিল।

মৃত্যুৰ সময় অশ্বিনী কুমাৰ শৰ্মাই পত্নীৰ লগতে এগৰাকী পুত্ৰ, এগৰাকী কন্যাৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এহ সংসাৰত এৰি থৈ গৈছে।

শৰ্মাৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই গভীৰ শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছে।

টুইটাৰত ভট্টাচাৰ্যই প্ৰয়াত শৰ্মাৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।

‘চাহাব দা’ হিচাবে সকলোৰে মাজত পৰিচিত অশ্বিনী কুমাৰ শৰ্মাৰ মৃত্যুত আছু, নেছ’, সদৌ গুৱাহাটী ছাত্ৰ সন্থাকে ধৰি বহু দল-সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে।

Recent News

Ajit Kumar Bhuyan

ভৱানীপুৰৰ বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজকলৈ কেৱল প্ৰচাৰমুখী ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অভিযোগ অজিত ভূঞাৰ

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

South Asian Karate Tournament: ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd