পৰ্যটন উদ্যোগ শক্তিশালী কৰাৰ লক্ষ্য; একাধিক ৰে’লখণ্ডত ভিষ্টাডোম সেৱাৰ প্ৰৱৰ্তন উঃ পূঃ সীঃ ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই কেইবছৰমান পূৰ্বে ভিষ্টাডোম ডবা প্ৰৱৰ্তন কৰাৰ সময়ত দেশত ৰে’ল যাত্ৰাক পুনৰ নতুন ধৰণে উপস্থাপন কৰা হৈছিল। আকৰ্ষণীয়ভাৱে ৰে’লৱেই এই ভিষ্টাডোম ডবাসমূহৰ প্ৰৱৰ্তন কৰিছিল। ভিষ্টাডোম ডবাসমূহে যাত্ৰাৰ সময়ত ৩৬০ ডিগ্ৰী দৃশ্য উপভোগ কৰায় কিয়নো যাত্ৰীসকলে যাত্ৰাৰ সময়ত অতুলনীয় প্ৰকৃতিৰ ৰোমাঞ্চকৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ বিশাল কাঁচৰ খিৰিকীত দৃষ্টি নিৱদ্ধ কৰে আৰু এক বিমুগ্ধ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰে। তদুপৰি, এই ভিষ্টাডোম ডবাসমূহত অত্যাধুনিক সুবিধাৰে পৰিপূৰ্ণ কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰেলৱেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। উত্তৰ পূব সীমান্ত ৰেলৱেত প্ৰথমটো ভিষ্টাডোম সেৱা ২৮ আগষ্ট, ২০২১ তাৰিখে দুটা খণ্ডত প্ৰৱৰ্তন কৰা হয়, অৰ্থাৎগুৱাহাটী- নিউ হাফলং আৰু নিউ জলপাইগুড়ী-আলিপুৰদুৱাৰ।

উত্তৰ-পূৰ্ব্বাঞ্চল আৰু উত্তৰ বংগ অঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই সেৱা দুটা প্ৰৱৰ্তন কৰা হৈছিল। এনে ধৰণৰ বিশ্বমানৰ সেৱাৰ প্ৰৱৰ্তনে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় উভয় অঞ্চলৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অদৃশ্যমান সম্ভাৱনীয় পৰ্যটন উদ্যোগক শ্ৰীবৃদ্ধি প্ৰদান কৰি এই উভয় অঞ্চলৰ অনবদ্য প্ৰাকৃতিক সৌন্দৰ্যক উৎসাহিত কৰিব পৰা যায়।

ভিষ্টাডোমৰ প্ৰৱৰ্তনে স্থানীয় উদ্যোগসমূহক অতিশয় উপকৃত কৰাৰ কাৰণে বৃহৎ সংখ্য়ক পৰ্যটকৰ আগমনৰ পৰিণাম স্বৰূপে নতুন নতুন কৰ্মৰ সুযোগ, ৰাজহ উপাৰ্জন সৃষ্টি হৈছে আৰু বিশ্ব পৰ্যায়ত থলুৱা সামগ্ৰীৰ প্ৰচাৰত সহায় কৰিছে।

ডিমা হাচাও গুৱাহাটী-হাফলং ভিষ্টাডোম সেৱাৰ প্ৰৱৰ্তনে কোভিডৰ সময়ত হোৱা বাধা নিষেধৰ পিছত অৱনিৰ্মিত হৈ থকা স্থানীয় পৰ্যটন উদ্যোগক এক উৎসাহ প্ৰদান কৰে। অঞ্চলটোলৈ অধিকসংখ্যক পৰ্যটক অহাৰ লগে লগে বিভিন্ন খণ্ডৰ এক বিশাল ক্ষেত্ৰৰ লোক অৰ্থনৈতিকভাৱে লাভান্বিত হৈছিল।

অতুলনীয় লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা আগৰতলা-জিৰিবাম, গুৱাহাটী-নাহৰলগুণৰ মাজত আৰু শেহতীয়াকৈ নিউ জলপাইগুড়ী-হাওড়াৰ মাজত বৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে অঞ্চলটোৰ অনাৱিষ্কৃত পৰ্যটন ক্ষেত্ৰসমূহক পৰিচয় কৰাই দিয়াৰ লগতে অধিক সংখ্যক ভিষ্টাডোম ডবা প্ৰৱৰ্তন কৰা হয়। কুলিক এক্সপ্ৰেছ নামৰ আৰু এখন ৰে’লতো শেহতীয়াকৈ ভিষ্টাডোম ডবা প্ৰদান কৰা হৈছে।

পৰ্যটন উদ্যোগে কেৱল ৰাজহ আৰু নতুন কৰ্মৰ সুযোগ সৃষ্টি কৰাই নহয়, অঞ্চলটোৰ সামগ্ৰিক উন্নয়নকো উদগনি যোগায়। স্থানীয় লোকসকলৰ অৰ্থনৈতিক মানদণ্ড যথেষ্ট বৃদ্ধি হয় আৰু ভিষ্টাডোম ডবাসমূহে অধিক পৰ্যটক আকৰ্ষিত কৰাৰ বাবে আশীৰ্বাদ হিচাপে কাম কৰে কিয়নো উত্তৰ-পূৰ্ব্বাঞ্চল আৰু উত্তৰ-বংগ দুয়োটা অঞ্চলতে এনেকুৱা অদৃশ্য ঠাই আছে যিসমূহ এজন পৰ্যটকে কেৱল কল্পনাহে কৰিব পাৰে আৰু ৰে’লৱেই হৈছে দেশৰ আটাইতকৈ সংযোজিত পৰিৱহন ব্যৱস্থা যিয়ে লুকাই থকা সৌন্দৰ্যসমূহক অন্বেষণ কৰাত সহায় কৰে।