সাৱধান! উত্তৰ-পূব সীমান্ত ৰে’লৱে চলিত বৰ্ষত ৰেল দবা লেতেৰা কৰাৰ বাবে জৰিমনা বিহিছে ১,৮১৮ গৰাকী লোকক

Railway-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

যদি আপুনি ৰে’লেৰে যাত্ৰা কৰি আছে আৰু ৰে’লগাড়ীৰ দবা লেতেৰা কৰাৰ অভ্যাস আছে তেনেহ’লে এই অভ্যাসৰ শুধৰণি কৰাটো ভাল অন্যথা জৰিমনা ভৰাৰ বাবে সাজু থাকক।

মনত ৰাখিব এই ক্ষেত্ৰত আপুনি ভৰিবলগীয়া জৰিমনা আপুনি ক্ৰয় কৰা ৰে’ল যাত্ৰাৰ টিকতৰ মূল্যতকৈও অধিক হ’ব।

সোমবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰা এটা টুইটৰ পাছতে এই কথা জানিব পৰা যায়।

টুইটাৰত উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’লৰ ভিতৰভাগ লেতেৰা কৰা বাবে চলিত বৰ্ষত ১,৮১৮ গৰাকী লোকক জৰিমনা বিহিছে বুলি তথ্য প্ৰকাশ কৰিছে।

ৰে’ল লেতেৰা কৰা জৰিমনাৰ সন্মুখিন হোৱা ৰে’লযাত্ৰীসকলৰ পৰা উত্তৰ-পূব সীমান্ত ৰে’লৱে মুঠ ৩,৬৫,৮৯৫ টকা সংগ্ৰহ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান মুকলি কৰাৰ পাছত ৰে’ল কৰ্তৃপক্ষই পৰিস্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব প্ৰদান কৰি আহিছে।

ৰে’ল যাত্ৰীসকলৰ লেতেৰা কৰা অভ্যাস সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱে যাত্ৰীসকলক জৰিমনা ভৰাৰ পৰিৱৰ্তে সেই অভ্যাস ত্যাগ কৰাৰ বাবে আহ্বান জনায়।

ৰে’লৱে কৰ্তৃপক্ষই যাত্ৰীসকলক ৰে’লসমূহ পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত ৰে’লৱেক সহযোগিতা কৰাৰ বাবেও আহ্বান জনায়।