ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এখন বিচাৰপীঠে মেঘালয়ৰ খনিত কাম কৰি মৃত্যু হোৱা আৰু আহত হোৱা শ্ৰমিকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ মেঘালয় চৰকাৰক নিৰ্দেশ দিছে।
শ্বিলঙৰ সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি শেহতীয়াভাৱে ১৩ ডিচেম্বৰত পূব জয়ন্তীয়া পাহাৰ জিলাৰ খনি দুৰ্ঘটনাত নিহত হোৱা শ্ৰমিকসকলৰ নিকটাত্মীয়ক ১ লাখ টকাকৈ ক্ষতিপূৰণ দিব বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক জনাইছে।
বিপি কাকতীৰ নেতৃত্বৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে শ্বিলঙত অনুষ্ঠিত ইয়াৰ তৃতীয়খন বৈঠকত সংশ্লিষ্ট বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকলে অংশগ্ৰহণ কৰিছিল। বহু বছৰ ধৰি কোনো ক্ষতিপূৰণ নোপোৱা খনি দুৰ্ঘটনাৰ চিকাৰ হোৱা শ্ৰমিকসকলৰ পৰিয়ালসমূহকো ক্ষতিপূৰণ দিবলৈ পেনেলখনে পৰামৰ্শ প্ৰদান কৰে।
জানিব পৰা গৈছে যে খনি দুৰ্ঘটনাত হতাহত হোৱা শ্ৰমিকৰ যথাৰ্থ তথ্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক প্ৰদান কৰাত মেঘালয় চৰকাৰ ব্যৰ্থ হৈছে।
এটা সূত্ৰই জনাইছে যে চৰকাৰী প্ৰতিৱেদনঅনুসৰি ২০১৪ চনৰ পৰা মেঘালয়ত কয়লাৰ অবৈধ খনন চলি অহাটো ধৰা পৰিছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনৰ এপ্ৰিলৰ পৰা মেঘালয়ত কয়লাৰ খননত নিশেধাজ্ঞা আৰোপ কৰা হৈছে।
বিগত বৈঠকখনত চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক অৱগত কৰোৱা মতে ২,৯০০ খন অবৈধ কঢ়িওৱা ট্ৰাক জব্দ কৰা হৈছে আৰু ১,০০০ৰো অধিক গোচৰ ৰুজু কৰা হৈছে।