NORTHEAST NOW (Assamese)

অসমীয়া কে**ৰ পাল্লাত হেভি মেটেল লে’জেণ্ড মাৰ্টি! Viral Video

November 7, 2019 5:26 pm · এন ই নাও নিউজ
Updated: November 7, 2019 6:12 pm
মাৰ্টি ফ্ৰাইদমেন। ছবি সৌজন্য-- টুইটাৰ।

হেভি মেটেল লে’জেন্দ মাৰ্টি ফ্ৰাইদমেন চলিত NH7 Weekender 2019ত বহুল ব্যৱহৃত অসমীয়া শব্দ কে*ৰ পাল্লাত পৰিছে।

চ’চিয়েল মিদিয়াতো কে*-ভিদিঅ’ ভাইৰেল হৈ পৰিছে।

পিছে প্ৰখ্যাত গীটাৰিষ্টজনৰ মুখত অসমীয়া কে* গৈ “য়েলা” বুলিহে উচ্চাৰিত হৈছিল।

ভাৰতত প্ৰথমবাৰৰ বাবে শ্ব’ কৰা মাৰ্টিয়ে শ্বিলঙৰ অনুষ্ঠানটোক লৈ কৰা ফে’চবুক প’ষ্টতো কে* ব্যৱহাৰ কৰিছে।

থ্ৰেশ্ব মেটেলৰ নামকৰা এমেৰিকান শিল্পীজনে বোলে শ্ব’টোত “F*** yeah”ৰ এক স্থানীয় প্ৰতিশব্দ বিচাৰিছিল।

শ্ব’টোত উপস্থিত (অসমৰ?) বহুসংখ্যক যুৱক-যুৱতীয়ে তেতিয়া “কে* কে*” বুলি চিঞৰি মাৰ্টিক সঁহাৰি জনায়।

আৰু মাৰ্টিয়েও শব্দটো আঁকোৱালি লয়। তলৰ ভিডিঅ’টো আৰ্মান হাচিবে ফে’চবুকত ৰাজহুৱা কৰি থোৱা।

কে* বিদ্যমান মাৰ্টিৰ ফে’চবুক প’ষ্টটোৰ স্ক্ৰীন শ্বট।

বৰ্তমান টকিঅ’ত বাস কৰা এমেৰিকান মাৰ্টি এক্সত্ৰিম হেভি মেটেল থ্ৰেশ্ব মেটেল ধাৰাৰ সংগীতৰ বাবে প্ৰখ্যাত।

অতি প্ৰখ্যাত এমেৰিকান হেভি মেটেল বেন্দ মেগাদেথত মাৰ্টিয়ে ১৯৯০ৰ পৰা ২০০০ চনলৈকে গীতাৰ বজাইছিল।

কেক’ফনি নামৰ স্পীদ মেটেল ব্ৰেন্দেৰে মাৰ্টিয়ে তেওঁৰ সংগীতযাত্ৰা আৰম্ভ কৰিছিল।

যিহওক, অসমীয়া বেয়া শব্দ বুলি পৰিচিত কে*ৰ ভিডিঅ’টোৱে এতিয়া চ’চিয়েল মিদিয়াত মানুহক আমোদ দিছে।

বহুতৰ বাবে প্ৰয়োগ-বিবৰ্জিত আৰু আপত্তিজনক কে*ৰ এনে ৰাজহুৱা ৰজনজননিয়ে অৱশ্যে আন একাংশ লোকক অস্বস্তিতো পেলাইছে।

Related News