দুটা পোহনীয়া গৰু লগত লৈ আহি গৰুৰ বিপৰীতে গ’ল্ড লোণ বিচৰাৰ এক আমোদজনক ঘটনা ঘটিছে পশ্চিমবংগৰ ডানকুনি অঞ্চলত।
গৰুৰ গাখীৰত সোণ থাকে বুলি শুনিবলৈ পোৱাৰ পাছতে লোকজনে এইদৰে মনাপ্পূৰম ফাইনেন্স লিমিটেডৰ এটা শাখালৈ এইদৰে গৰু দুটালৈ ঋণ বিচাৰি আহে।
উল্লেখযোগ্য যে পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষে অলপতে কৈছিল যে ভাৰতৰ গাইগৰুৱে দিয়া গাখীৰত সোণ থাকে। তেওঁৰ এই বক্তৱ্যই ইতিমধ্যে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পশ্চিমবংগৰ এটা স্থানীয় নিউজ চেনেলে লোণ বিচাৰি অহা লোকজনৰ সৈতে কথা পাতিছিল। তেওঁ কৈছিল,’’মই ইয়াত এটা গ’ল্ড লোণৰ বাবে আহিছো আৰু সেয়েহে মোৰ গৰু দুটা ইয়ালৈ লৈ আহিছো। মই শুনিবলৈ পাইছো যে গৰুৰ গাখীৰত সোণ থাকে। মোৰ পৰিয়ালটো এই গৰুৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে। মোৰ ২০টা গৰু আছে আৰু মই যদি লোণটো পাই যাও, মই মোৰ ব্যৱসায়টো বৃদ্ধি কৰিব পাৰিম।‘’
আনহাতে, গাৰালগাছিয়া গাঁও পঞ্চায়তৰ মুৰব্বী মনোজ সিঙে জানিবলৈ দিয়ে যে,’’দিলীপ ঘোষে তেওঁ সৃষ্টি কৰা পৰিস্থিতিটোৰ বাবে আৰু গাখীৰত সোণ থকা বুলি কৰা দাবীৰ বাবে নোবেল বঁটা পোৱা উচিত। প্ৰতিদিনে লোকসকল মোৰ পঞ্চায়তলৈ আহে আৰু তেওঁলোকৰ গৰুৰ বিপৰীতে কিমান লোম পাব সেয়া সোধে। তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ গাইয়ে দৈনিক ১৫-১৬ লিটাৰ গাখীৰ দিয়ে গতিকে তেওঁলোকে লোণ পোৱা উচিত।‘’
স্মৰ্তব্য যে বৰ্দ্ধমান জিলাৰ এক কাৰ্যসূচীত বিজেপি নেতা দিলীপ ঘোষে কৈছিল,’’ ভাৰতৰ (দেশী) গাইগৰুৰ এটা বৈশিষ্ট্য হ’ল যে ইয়াৰ গাখীৰত সোণ থাকে। গাখীৰৰ ৰঙটো হালধীয়া হোৱাৰ সেইটোৱে কাৰণ।‘’
ভাষণ প্ৰসংগত ঘোষে তেওঁৰ তত্ত্বৰ সমৰ্থনত কৈছিল,’’ভাৰতৰ গাই গৰুৰ কুঁজ থাকে, যিটো বিদেশী গৰুৰ নাথাকে। বিদেশী গাই গৰুৰ পাছফালটো ম’হৰ দৰে চিধা। কুঁজটোৰ এডাল নাড়ী থাকে, যাক কোৱা হয় “স্বৰ্ণনাড়ী’ (সোণৰ নাড়ী)। যেতিয়া ইয়াৰ ওপৰত সূৰ্যৰ পোহৰ পৰে, সোণ উৎপন্ন হয়।‘’
‘’সেয়ে ই হালধীয়া বা সোণালী বৰণৰ হয়। এই গাখীৰৰ প্ৰতিৰোধ ক্ষমতা থাকে। এজনব্যক্তিয়ে এই ধৰণৰ গাখীৰ খাইয়ে জীয়াই থাকিব পাৰে। আপুনি অইন একো নাখালেও হ’ব। ই এক সম্পূৰ্ণ খাদ্য,’’-তেওঁ কয়।