NORTHEAST NOW (Assamese)

বৰ্ধৱান বিস্ফোৰণত জৰিত জে এম বি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা

September 9, 2020 11:11 pm · ৰূপা সৰকাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এক বিশেষ আদালতে ২০১৪ চনৰ বৰ্ধৱান বিস্ফোৰণত জৰিত জামাত-উল-মুজাহিদীন বাংলাদেশৰ চাৰি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা কৰিছে।

আদালতখনে মঙলবাৰে সন্ত্ৰাসবাদীকেইজনক সাত বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকাকৈ জৰিমনা বিহিছে।

২০১৪ চনৰ অক্তোবৰত আই ই ডি বনাই থাকোতে পশ্চিম বংগৰ বৰ্ধৱান জিাল্ৰ খাগ্ৰাগঢ় অঞ্চলত হোৱা বিস্ফোৰণটোত দুগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছিল।

নিয়াৰ তদন্ত মতে জে এম বি সন্ত্ৰাসবাদীয়ে উক্ত ভাৰাঘৰটো বোমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছিল।

ঘটনাটো সন্দৰ্ভত প্ৰথমে পশ্চিম বংগ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছিল যদিও পিছত নিয়াই তদন্তৰ দায়িত্ব লৈছিল।

গোচৰটোৰ তদন্তত বৃহৎসংখ্যক আই ই ডি, বিস্ফোৰক, হেণ্ড গ্ৰেনেড, প্ৰশিক্ষণৰ ভিডিঅ’ আদি উদ্ধাৰ হৈছিল।

গোচৰটো সন্দৰ্ভত ৩৩ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল, তাৰে ৩১গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

Related News