শেহতীয়া কৈ পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)য়ে দেশৰ ৮খন ৰাজ্যৰ ১৫টা স্থানত ব্যাপক তালাচী অভিযান চলায়। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগত পাকিস্তানী গোয়েন্দা সংস্থাৰ (PIO) সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ ঠিকনাত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে।
অভিযানৰ সময়ত NIAৰ দলে কেইবাটাও ইলেক্ট্ৰনিক সঁজুলি, স্পৰ্শকাতৰ বিত্তীয় নথি আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ অংশ হিচাপে পাকিস্তানৰ নিৰ্দেশত চলা এই চোৰাংচোৱা নেটৱৰ্ক উদঙাবলৈ এই তদন্ত চলি আছে বুলি সদৰী কৰিছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ জোৱান মতিৰাম জাটৰ গ্ৰেপ্তাৰৰ পিছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থায়
NIAৰ তদন্তত প্ৰকাশ পাইছে যে এই ব্যক্তিসকলে ভাৰতৰ জাতীয় সুৰক্ষাৰ সৈতে জড়িত গোপনীয় তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ বিনিময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে ধন লাভ কৰিছিল। ২০ মে’ত NIAই মতিৰাম জাট নামৰ CRPFৰ এজন সহকাৰী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰে। তেওঁ ২০২৩ চনৰ পৰা পাকিস্তানী গোয়েন্দাৰ সৈতে তথ্য ভাগ-বতৰা কৰি আহিছিল বুলি তদন্তত পোহৰলৈ অহিছে। আৰু জম্মু-কাশ্মীৰৰ পহলগামত ১১৬ নম্বৰ বেটেলিয়নত নিয়োজিত আছিল, য’ত ২২ এপ্ৰিলত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। আক্ৰমণৰ পাঁচ দিন পূৰ্বে তেওঁক পহলগামৰ পৰা বদলি কৰা হৈছিল বুলি উল্লেখ কৰিছে। জাটক CRPFৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু বৰ্তমান তেওঁ NIAৰ জিম্মাত আছে।
এই গোচৰত NIAই ভাৰতীয় ন্যায় সংহিতা (BNS) ২০২৩ৰ ধাৰা ৬১(২), ১৪৭, ১৪৮, অফিচিয়েল ছিক্ৰেটছ এক্ট ১৯২৩ৰ ধাৰা ৩ আৰু ৫, আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ১৯৬৭ৰ ধাৰা ১৮ৰ অধীনত গোচৰ ৰুজু কৰিছে। এতিয়াও তদন্ত অব্যাহত আছে বুলি সদৰী কৰিছে। ইফালে, অসম আৰক্ষীয়ে পাকিস্তানৰ সমৰ্থনত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ৮১ জনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীয়ে মইনুল হকক আৰু কামৰূপ আৰক্ষীয়ে হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দৃঢ়তা প্ৰকাশ কৰিছে।