NORTHEAST NOW (Assamese)

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হ’ব নৈশ সান্ধ্যআইন, খোলা হ’ব বিদ্যালয়ো: ঘোষণা মুখ্যমন্ত্ৰীৰ

January 23, 2022 7:54 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: January 23, 2022 7:58 pm

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ বজাৰ পৰাহে হ’ব নৈশ সান্ধ্যআইন।

বৰ্তমান নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্যআইন চলি আছে যদিও ১ ফেব্ৰুৱাৰীৰ পৰা সেই ব্যৱস্থাৰ সলনি ঘটাই নিশা ১১ বজাৰ পৰাহে সান্ধ্যআইন জাৰি কৰা হ’ব।

ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবেই এনে কৰা হ’ব।

আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে।

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যজুৰি দৈনিক কোভিড-১৯ সংক্ৰমিত লোকৰ হ্ৰাস পাই আহিছে।

সেয়ে পৰ্যায়ক্ৰমে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ সম্পূৰ্ণকৈ খুলি দিয়া হ’ব। তেওঁ কয়—’অসমত কোভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ হ্ৰাস পাইছে, এই হাৰ বৰ্তমান ১২ শতাংশলৈকে কমিছে। মানুহে অমিক্ৰন ভেৰিয়েণ্টক স্বাভাৱিক ৰূপত গ্ৰহণ কৰিব পাৰিছে । সেয়েহে, আমি কঠোৰ নিয়ম আৰু নিষেধাজ্ঞা আৰোপ কৰিব নিবিচাৰো,”।

মুখ্যমন্ত্ৰীয়ে কয় যে বিদ্যালয় আৰু মহাবিদ্যালয়বোৰো লাহে লাহে খোলা হব।

যদি কোনো নিৰ্দিষ্ট অঞ্চলত কোভিড ৰোগী ধৰা পৰে তেন্তে তেনে অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব। এনে অঞ্চলসমূহ ৭ দিনৰ বাবে বন্ধ ৰখা হ’ব ।

Related News