নিকি যাদৱৰ হত্যাকাণ্ড: অভিযুক্ত চাহিলক ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

বুধবাৰে দিল্লীৰ আদালতে প্ৰেমিকা নিকি যাদৱক হত্যা কৰি মৃতদেহ ফ্ৰীজত ৰখাৰ অভিযোগত অভিযুক্ত চাহিল গেহলটক ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

মুখ্য মহানগৰ দণ্ডাধীশ অৰ্চনা বেনিৱালে এই নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পূৰ্বে সোমবাৰে দিল্লীৰ আদালতে গেহলটৰ আৰক্ষীৰ জিম্মা দুদিন বৃদ্ধি কৰাৰ লগতে আন পাঁচজন সহঅভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। অহা ৬ মাৰ্চত সকলো অভিযুক্তকে আদালতত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য, চাহিল গেহলটে প্ৰেয়সী নিকি যাদৱক হত্যা কৰি খণ্ডিত মৃতদেহটো ফ্ৰীজত ভৰাই থোৱাৰ পাছতে অন্য যুৱতীৰে বিবাহপাশত আৱদ্ধ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে দক্ষিণ-পশ্চিম দিল্লীৰ চাহিলৰ ধাবাৰ ফ্ৰীজৰ ভিতৰত থোৱা নিকিৰ খণ্ডিত মৃতদেহটো উদ্ধাৰ কৰে।

এই অপৰাধ সংঘটিত হোৱাৰ চাৰিদিন পিছত ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে’ত এই ঘটনা পোহৰলৈ আহিছিল।

ঘটনাৰে জড়িত থকাৰ অভিযোগত চাহিল গেহলটৰ লগতে সম্পৰ্কীয় দুজন ভাতৃ আৰু দুজন বন্ধুকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে চাহিল গেহলটে যোৱা ২০২০ চনৰ অক্টোবৰ মাহত গোপনে নিকি যাদৱক বিয়া কৰাইছিল আৰু নিকিয়ে এই বিবাহৰ বাবে সামাজিক স্বীকৃতি লাভৰ বাবে চাহিলক অনুৰোধ কৰি আহিছিল।