NORTHEAST NOW (Assamese)

থানাত অকথ্য নিৰ্যাতনৰ ফলত পিতৃ-পুত্ৰৰ মৃত্যু! ৯ আৰক্ষী কৰ্মীক মৃত্যুদণ্ডৰ শাস্তি দিলে আদালতে

April 6, 2026 9:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:31 am
ফটোঃ এ আই।

২০২০ চনৰ ১৯ ​​জুনত জয়ৰাজ আৰু বেনিক্সৰ মৃত্যু হৈছিল। তেওঁলোক আছিল পিতৃ-পুত্ৰ। লকডাউনৰ সময়ত দোকানখন খোলা ৰখাৰ বাবে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল (যদিও পিছত অভিযোগ মিছা বুলি প্ৰমাণিত হৈছিল)। এতিয়া তামিলনাডুৰ মাদুৰাই জিলাৰ আদালতে সেই মৃত্যুৰ বাবে দোষী সাব্যস্ত হোৱা ৯ জন আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

প্ৰায় ছবছৰ পূৰ্বে দুয়োৰে মৃত্যুক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। নিৰ্দিষ্ট সময়ৰ পিছতো তেওঁলোকে দোকানখন খোলা ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে তেওঁলোকক স্থানীয় সাথানকুলাম থানালৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰু ইয়াৰ পিছতে অভিযুক্ত দুজনৰ মৃত্যু হয়।

তেওঁলোকৰ আত্মীয়ই অভিযোগ কৰে যে গোটেই নিশা পিতৃ-পুত্ৰক থানাত নিৰ্যাতন চলাইছিল। উল্লেখ্য যে বন্দীসকলৰ মলদ্বাৰৰ পৰা তেজ ওলাই আছিল। তদুপৰি শাৰীৰিক অত্যাচাৰৰ আন আন লক্ষণো পোৱা গৈছিল। পিছত তদন্ত চি আই ডিৰ পৰা চি বি আইলৈ হস্তান্তৰ কৰা হয়।

তেওঁলোকে দাখিল কৰা চাৰ্জ শ্বীটত ১০ জন আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল এজন পৰিদৰ্শক আৰু দুজন উপ-পৰিদৰ্শক। আটাইকেইজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছিল।

শুনানিৰ সময়ত এগৰাকী মহিলা কনিষ্টবলৰ বক্তব্য গুৰুত্বপূৰ্ণ হৈ পৰে। তেওঁ দাবী কৰে যে পিতৃ-পুত্ৰক সঁচাকৈয়ে থানাত অত্যাচাৰ কৰা হৈছিল। টেবুল আৰু লাঠিত  থকা তেজৰ দাগবোৰৰ কথা উল্লেখ কৰাৰ উপৰিও তেওঁ দাবী কৰিছিল যে থানাৰ চিচিটিভিটোও এনেদৰে ছেট কৰা হৈছিল যে এদিনৰ ফুটেজ পিছদিনাই ডিলিট হৈ যায়! অৱশেষত আদালতে ৯ জন লোকক ফাঁচী দিয়াৰ নিৰ্দেশ দিয়ে।

Related News