• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

”জনতাৰ বাবে নহয়, হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতা, ধন আৰু মাটি দখলৰ বাবেহে যুঁজি আছে’’-খাৰ্গে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:31 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ বৰখলা আৰু নিলামবজাৰত দুখনকৈ বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি সোমবাৰে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।

ভাষণৰ আৰম্ভণিতে তেওঁ উপস্থিত সকলো আই-মাতৃ, নৱপ্ৰজন্মৰ বন্ধু, কৃষক, শ্ৰমিক আৰু সংবাদ মাধ্যমৰ বন্ধুসকলক আদৰণি জনাই কয় যে ইন্দিৰা গান্ধীয়ে এসময়ত এই অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্ত পৰিৱেশৰ বাবে ইয়াক ‘শান্তিৰ দ্বীপ’ বা ‘আইলেণ্ড অৱ পিচ’ বুলি অভিহিত কৰিছিল। কিন্তু যোৱা ১০ বছৰত বৰাকৰ ৰাইজৰ সৈতে চৰকাৰে মাহীআইৰ দৰে ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকক চৰম উপেক্ষা কৰিছে।

Apply Now

শিলচৰ চহৰৰ উৰণীয়া সেতুৰ কাম আজিও আধৰুৱা হৈ থকা আৰু তাৰাপুৰ এলভিটেড কৰিড’ৰৰ কামো বন্ধ হৈ থকাৰ প্ৰসংগ টানি তেওঁ কয়, “এয়া কেৱল প্ৰকল্পৰ বিলম্ব নহয়, বৰঞ্চ সাধাৰণ মানুহৰ বাবে এক দৈনিক সংগ্ৰাম। ছাত্ৰ, শ্ৰমিক আৰু ৰোগীসকল এই বিফলতাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে। কাষৰীয়া অঞ্চলবোৰত প্ৰতি বছৰে বানপানী এক এনে আপদ হৈ আহে যাৰ শেষ নাই। ঘৰবোৰ ধ্বংস হয়, খেতি নষ্ট হয় আৰু পৰিয়ালবোৰ অঘৰী হৈ পৰে। তথাপিও বিজেপিৰ ওচৰত কোনো স্থায়ী সমাধান নাই। কাছাৰৰ ৰাইজ সুৰক্ষা আৰু সংৰক্ষণৰ অধিকাৰী, কিন্তু তেওঁলোকৰ কথা কোনেও নুশুনে।”

শিলচৰৰ শোচনীয় ড্ৰেইনেজ চিষ্টেম আৰু অসহ্যকৰ ট্ৰেফিক জামক লৈ চৰকাৰক সমালোচনা কৰি খাৰ্গেই কয় যে বিজেপিয়ে ভোটৰ বাবে যিকোনো কথা ক’ব পাৰে। নিৰ্বাচন আহিলে বিজেপিয়ে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কয়, অসমক বানমুক্ত আৰু গৰাখহনীয়া মুক্ত কৰিম বুলি কয় আৰু কিছুমান বিশেষ সম্প্ৰদায়ক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু মোদীয়ে এতিয়া এই সকলোবোৰ প্ৰতিশ্ৰুতি পাহৰি গ’ল।

তেওঁ কয়, “মোদী জীৰ কেৱল এয়াহে মনত আছে যে গুৱাহাটী বিমানবন্দৰটো কেনেকৈ আদানি জীৰ হাতত গতাব পাৰি। অমিত শ্বাহ আহে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কথা কয়। তেওঁলোকে অনুপ্ৰৱেশকাৰীক উলিয়াই নিদিয়ে বৰঞ্চ পোহপাল দি তেওঁলোকৰ নামত ৰাজনীতিহে কৰে। যোৱা ১০ বছৰ ধৰি দিল্লী আৰু অসমত তেওঁলোকৰ শাসন আছে, তথাপিও তেওঁলোকে অনুপ্ৰৱেশকাৰীক উলিয়াব নোৱাৰিলে। মই ক’ব বিচাৰোঁ যে ২০০৫ চনৰ পৰা ২০১৩ চনৰ ইউপিএ চৰকাৰৰ দিনত ৮৮,৭৯২ গৰাকী অবৈধ প্ৰৱাসীক দেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল, কিন্তু মোদীৰ শাসনত ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত মাত্ৰ ২৫৬ জনকহে বিতাড়ন কৰা হ’ল।”

বিজেপিৰ ৰাষ্ট্ৰপ্ৰেমক লৈ প্ৰশ্ন তুলি খাৰ্গেই প্ৰশ্ন কৰে- মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতহে ভাৰতবৰ্ষই কি স্বাধীনতা পালে নেকি? যি আৰ এছ এছ আৰু নাথুৰাম গডছেই মহাত্মা গান্ধীক তিনিটাকৈ গুলী মাৰি হত্যা কৰিছিল, তেওঁলোকেই এতিয়া দেশপ্ৰেমৰ কথা কয়। গান্ধী পৰিয়ালৰ ত্যাগৰ প্ৰসংগ টানি খাৰ্গেই সোঁৱৰাই দিয়ে যে জৱাহৰলাল নেহৰুৱে ১৩-১৪ বছৰ জেলত কটাইছিল আৰু ইন্দিৰা গান্ধীৰ লগতে ৰাজীৱ গান্ধীয়ে দেশৰ একতাৰ বাবে প্ৰাণ দিছে। ১৯৮৯ চনৰ পাছত এই পৰিয়ালৰ কোনো সদস্য প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হোৱা নাই।

কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয়, “ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ পদ দলিয়াই দি মনমোহন সিঙক দায়িত্ব দিছিল। এয়াই হ’ল কংগ্ৰেছৰ ত্যাগ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতা, ধন আৰু মাটি দখলৰ বাবেহে যুঁজি আছে। গান্ধী পৰিয়ালে দেশৰ স্বাধীনতা আৰু একতাৰ বাবে নিজকে বলিদান দিছে। ইন্দিৰা গান্ধীয়ে উৰিষ্যাত কৈছিল যে মোৰ তেজৰ প্ৰতিটো টোপাল দেশৰ বাবে উচৰ্গা হ’ব। আপোনাৰ নেতা মোদীয়ে কেতিয়াবা এনে কথা কৈছে নে? তেওঁ কেতিয়াবা কয় মই পিছপৰা শ্ৰেণীৰ, কেতিয়াবা কয় মই চাইৱালা। তোমাৰ ৫৬ ইঞ্চিৰ বুকু লৈ আমি কি কৰিম? দেশত শান্তি বজাই ৰাখা। হিন্দু-মুছলমানক একগোট কৰি ৰাখা, খ্ৰীষ্টান-দলিত-আদিবাসীক যোৰা লগোৱা। তেওঁলোকৰ ভাল চিন্তা কৰাৰ পৰিৱৰ্তে তুমি কোৱা যে মই তোমালোকৰ বাবে ওপজিলোঁ। তুমি ওপজা বা নোপজাই ভাল আছিল।”

ইফালে, মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত তিনিখনকৈ পাছপোৰ্ট থকা বুলি সংবাদ মাধ্যমত ওলোৱা খবৰৰ উদ্ধৃতি দি মল্লিকাৰ্জুন খাৰ্গেই কয় যে এগৰাকী মহিলাৰ ওচৰত কেনেকৈ গোল্ডেন, ভিআইপি আৰু অৰ্ডিনাৰী পাছপোৰ্ট থাকে তাৰ খোলচা হ’ব লাগে। আপোনালোকৰ সাহস আছে নে? ভোট খুজিবলৈ আহিলে তেওঁৰ হাতত ধৰি সোধক যে আপোনাৰ পত্নীৰ নামত কেনেকৈ তিনিখনকৈ পাছপোৰ্ট থাকে? আপুনিতো আগতে আমাৰ তৰুণ গগৈৰ হাত ধৰি থিয় হৈ আছিল, আমাৰ মেকুৰীয়েই এতিয়া আমাক মিউ মিউ কৰিছে।

 ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ কথা উল্লেখ কৰি খাৰ্গেই কয় যে ৰাহুল গান্ধীয়ে মানুহৰ দুখ বুজিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়িছে, কিন্তু মোদীয়ে কেৱল জীপত বহি হাত জোকাৰি গুচি যায়। সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ টানি তেওঁ কয় যে জনজাতীয় মানুহৰ ভোট লৈ সোণোৱালক দিল্লীলৈ পঠিয়াই এতিয়া শৰ্মাক আনি বহুৱাই দিয়া হৈছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কংগ্ৰেছক ৰখাবলৈ মুছলমান, দলিত আৰু আদিবাসী অঞ্চলসমূহ কৌশলেৰে ভাঙি দিয়াৰ অভিযোগ তুলি তেওঁ কয়, “এয়া গণতন্ত্ৰ, আপোনালোকৰ নিজা সম্পত্তি নহয়। ৰাইজে যি বিচাৰিব সেয়াই হ’ব। মোদী আৰু হিমন্তই যিমানেই চেষ্টা নকৰক, এওলোক মাথোঁ কেইদিনমানৰ আলহী।”

তেওঁ লগতে অভিযোগ কৰে যে বিজেপিয়ে এতিয়া টকা দি ঘৰে ঘৰে পতাকা লগাইছে আৰু যোৱা ১৫-২০ বছৰ আগতে য’ত এখন পতাকা দেখা নগৈছিল, এতিয়া তাত টকাৰ জোৰত সকলো সজাইছে।

প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি খাৰ্গেই কয় যে তেওঁ বছৰি ২ কোটি চাকৰি, কৃষকৰ আয় দুগুণ কৰা আৰু বিমুদ্ৰাকৰণৰেৰে দেশ উদ্ধাৰ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই সকলোবোৰ মিছা প্ৰমাণিত হ’ল। ১২ বছৰত ২৪ কোটি চাকৰি দিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মোদী এজন ভণ্ড আৰু মিছলীয়া মানুহ। বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰখন এতিয়া বিকল হৈ পৰিছে, কাৰণ ইয়াত না ডিজেল আছে, না কয়লা না বিদ্যুতৰ শক্তি।

ভাষণত কংগ্ৰেছৰ ৫টা গেৰাণ্টি ঘোষণা কৰি খাৰ্গেই কয়, “প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টলৈ নিঃচৰ্ত মাহিলী নগদ ধন হস্তান্তৰ আৰু ব্যৱসায়ৰ বাবে ৫০০০ টকাৰ সাহায্য দিয়া হ’ব। এই সাহায্য দিবলৈ আমি কোনো বাছ-বিচাৰ নকৰোঁ। ইয়াৰ উপৰি প্ৰতিটো পৰিয়াললৈ ২৫ লাখ টকাৰ হেল্থ কভাৰ দিয়াৰ গেৰাণ্টি আমি দিছোঁ। আমি এই কাম কৰ্ণাটক, তেলেংগানা আৰু হিমাচলত কৰি দেখুৱাইছোঁ।”

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ৰাইজক উদ্দেশ্যি পুনৰ কয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়ালক আমি চৰকাৰলৈ অহাৰ ১০০ দিনৰ ভিতৰত ন্যায় প্ৰদান কৰিম। লগতে ১০ লাখ ভূমিপুত্ৰৰ একচনীয়া মাটি ম্যাদী পট্টালৈ ৰূপান্তৰ কৰি দিম। জ্যেষ্ঠ নাগৰিকসকলক মাহিলী ১২৫০ টকাৰ সাহায্য দিয়াৰ লগতে তেওঁলোকৰ বাবে এক সুকীয়া মন্ত্ৰালয় গঠন কৰা হ’ব।

তেওঁ ৰাইজক একত্ৰিত হৈ এখন ভাল চৰকাৰ আনিবলৈ আহ্বান জনাই কয় যে শিলচৰৰ এই ১৩ খন আসনেই কংগ্ৰেছৰ হাতলৈ আহিব লাগে। ৮৪ বছৰ বয়সতো দেশৰ বাবে যুঁজ দি থকাৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে দেশক লুণ্ঠন কৰাসকল বেছিদিন নাথাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

June 24, 2026 6:47 pm
স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

June 24, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd