ব’ল ব’মত অঘটন, উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দিয়ালে DJয়েই; বিহাৰৰ হাজীপুৰত ৯ জনৰ মৃত্যু

ফটোঃ সংগ্ৰহীত।

বিহাৰৰ হাজীপুৰত দেওবাৰে গভীৰ নিশা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। ইয়াত উচ্চ বিদ্যুৎপৰিবাহী তাঁৰৰ সংস্পৰ্শত আহে ট্ৰলী গাড়ীত কঢ়িয়াই অনা ডিজে। ইয়াৰ বাবে ট্ৰলীত উঠি অহা ৯ জন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত দুজন কৰ সেৱক বেয়াকৈ জ্বলি যায়।

হাজীপুৰৰ জন্দাহা ৰোড ঔদ্যোগিক থানা এলেকাৰ বাবা চুহৰমাল অঞ্চলত এই ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে থিতাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। সাংবাদিকৰ আগত দুৰ্ঘটনাৰ বৰ্ণনা দিয়ে এজন প্ৰত্যক্ষদৰ্শীয়ে।

ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীজনে কয় যে তেওঁ বন্ধু-বান্ধৱীৰ সৈতে ডিজে ট্ৰলীত উঠি চুলতানপুৰৰ পৰা পেহলেজা ঘাটলৈ গৈ আছিল। ইয়াৰ পূৰ্বে বাবা হৰিহৰনাথ মন্দিৰত পেহলেজা ঘাটৰ পানী লৈ সোমবাৰে পুৱা জলাভিষেক কৰিবলগীয়া আছিল। সকলোৱে ডিজেৰ সুৰত নৃত্য কৰি গান গাই আছিল। তেনেতে হঠাৎ বাবা চুহৰমলৰ ওচৰত হাই টেনচন তাঁৰত ট্ৰলী আৰু তাত থকা ডিজেৰ  খুন্দা লাগিল। ট্ৰলীখনত উপস্থিত আছিল বহু কৰ সেৱক। কাৰন্টে লগাৰ লগে লগে লগে কৰ সেৱক বিদ্যুৎস্পৃষ্ট হৈ পৰিল। চিঞৰ বাখৰ-হুলস্থুল লাগিল।

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

প্ৰত্যক্ষদৰ্শীজনে কয় – আমি দেখিলোঁ যে ৯জন কৰ সেৱক জ্বলি গ’ল। বাকী দুজন বেয়াকৈ জ্বলি গৈছিল যদিও তেতিয়াও তেওঁলোক জীৱিত আছিল। আহতসকলক সহায়ৰ বাবে ততাতৈয়াকৈ লোক আগবাঢ়ি আহে। লগে লগে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে আহতসকলৰ চিকিৎসা চলি আছে। ১৫ ছেকেণ্ডৰ ভিতৰতে সংঘটিত হয় এই দুৰ্ঘটনা। আনকি কোনেও নিজকে চম্ভালাৰ সুযোগো নাপালে।

যিসকলৰ বিদ্যুৎস্পৃষ্ট হৈছিল, তেওঁলোকৰ শৰীৰ বেয়াকৈ ট্ৰলীত আবদ্ধ হৈ পৰিছিল। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনীৰ সৈতে হাজীপুৰৰ এছডিপিঅ’ ওমপ্ৰকাশকে ধৰি বহু আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে ট্ৰলীৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়কঃ ভাৰতীয় ৰে’লৱেৰ হৈছে কি? এইবাৰ বিশাখাপট্টনম ষ্টেচনত দপদপাই জ্বলি উঠিল কোৰবা এক্সপ্ৰেছ

ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৈশালীৰ ডি এম যশপাল মীনাই সদৰ হাস্পতাল হাজীপুৰত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বুজ লয়। নিহত আটাইকেইজন চুলতানপুৰ আৰু হাজীপুৰৰ বৰায় টোলা জাধুৱাৰ।