ম্যানমাৰ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ ৯ জনীয়া আলফা-স্বাধীনৰ দল; দুজনৰ আত্মসমৰ্পণ
এক অচিনাক্ত স্থানত সমৱেত আলফা স্বাধীনৰ সদসস্যৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বট (ফাইল)।
নিষিদ্ধ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ৯ জনীয়া কেডাৰৰ এটা দলে যোৱা ১৮ অক্টোবৰত তিনিচুকীয়া জিলাত অপহৰণ অভিযানৰ বাবে নিজৰ শিবিৰ এৰি থৈ আহে।
আৰক্ষী বিষয়া এজনে জনোৱা মতে, এৰিয়া কমাণ্ডাৰ মৃগাংক অসম আৰু নিষিদ্ধ সংগঠনটোৰ ছেকেণ্ড ইন কমাণ্ড নৱজিৎ অসমৰ নেতত্বত দলটোৱে এই অপহৰণ অভিযানত নিয়োজিত হৈছে ।
লগতে পঢ়কঃ বিশ্বকাপৰ ফাইনেলৰ দিনাই এয়াৰ ইণ্ডিয়াৰ বিমান উৰুৱাই দিয়াৰ হুংকাৰ খালিস্তানী নেতাৰ
অৱশ্যে গোটটোৰ দুই আলফা (স্বাধীন) কেডাৰ পলাশ মৰাণ ওৰফে গোপাল অসম আৰু কুলাং মৰাণ ওৰফে লেটেষ্ট অসমে অভিযান পৰিত্যাগ কৰি আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লয় বুলিও তেওঁ কয়।
আৰক্ষী বিষয়াগৰাকীৰ মতে, পলাশ মৰানে ১ নৱেম্বৰত আত্মসমৰ্পণ কৰাৰ বিপৰীতে পলাশ মৰানক বিচাৰি উলিয়াবলৈ এৰিয়া কমাণ্ডাৰ মৃগাংক অসম বিশেষভাৱে দায়িত্ব দিয়া কুলাং মৰানে ৪ নৱেম্বৰত আত্মসমৰ্পণ কৰে।