টিউশ্যন শিক্ষকৰ কামনাৰ বলি ৯ বছৰীয়া এটি শিশু : অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

childabuse

এগৰাকী টিউশ্যন শিক্ষকৰ যৌন কামনাৰ বলি হৈছে এটি ৯ বছৰীয়া শিশু।

ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ ৰাজধানী নগৰ আগৰতলাৰ সমীপৰ ৰামনগৰত।

বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি ইন্দ্ৰ ঘোষ নামৰ ২৩ বছৰীয়া টিউশ্যনৰ শিক্ষকজনে যোৱা ২৮ নৱেম্বৰত এটি ৯ বছৰীয়া শিশুৰ ওপৰত অপ্ৰাকৃতিক যৌন নিৰ্যাতন চলায়।

ইতিমধ্যে ইন্দ্ৰ ঘোষ নামৰ অভিযুক্ত টিউশ্যন শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

“৩০ নৱেম্বৰৰ পিছত শিশুটিৰ পিতৃ-মাতৃয়ে আমাৰ ওচৰলৈ আহি অভিযোগ দাখিল কৰে আৰু আমি ইয়াৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰো।” ৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ দাসে সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত টিউশ্যন শিক্ষকজনে ঘটনাটো যোৱা ২৮ নৱেম্বৰতে সংঘটিত কৰিছিল। সেইদিনা শিশুটিয়ে শিক্ষকজনৰ ঘৰত গৈ টিউশ্যন কৰিছিল।

শিক্ষকজনে শিশুটিক এই ঘটনাৰ কথা ক’বলৈ মানা কৰি ভাবুকি প্ৰদান কৰিছিল যাৰ ফলত পিতৃ-মাতৃক ঘটনাৰ বিষয়ে একো কোৱা নিছিল ভুক্তভোগী শিশুটিয়ে।

ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰা শিশুটিয়ে ভয়তে টিউশ্যনলৈ নোযোৱা হ’ল।

শিশুটিয়ে এসপ্তাহ ধৰি টিউশ্যনলৈ নোযোৱা দেখি মাতৃয়ে কিয় টিউশ্যনলৈ যোৱা নাই সেই কথা সোধাত শিশুটিয়ে সমগ্ৰ ঘটনাটো মাতৃক বিৱৰি কয়।

ইয়াৰ পিছতে শিশুটিক কাউন্সিলিঙৰ বাবে চিল্ড্ৰেনছ টিমলৈ যোৱা হয় আৰু পিতৃ-মাতৃয়ে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

“শিশুটিয়ে আমাক কয় যে শিক্ষকজনে ঘটনাটো সংঘটিত কৰাৰ পিছত ভয়তে সি এসপ্তাহ ধৰি টিউশ্যনলৈ যোৱা নাছিল। সি এসপ্তাহ টিউশ্যনলৈ কিয় যোৱা নাছিল সেয়া মাতৃৰ আগত কয়।” চিল্ড্ৰেনছ টিমৰ এগৰাকী সদস্যই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

ইতিমধ্যে অভিযুক্ত টিউশ্যন শিক্ষকজনক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৫০৬ আৰু POCSO আইনৰ শাখা ৫(এম)(পি) আৰু ৬ৰ অধীনত গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।