নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ দিন ঘোষণা, মাকে ক’লে এয়া ভাৰতৰ জয়

Nirbhaya Case: Court issues death warrant

চাৰি দোষী। ছবি সৌজন্য-- News18

দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে মঙলবাৰে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ পৰোৱানা জাৰি কৰিছে।

দোষী সাব্যস্ত হোৱা অক্ষয় ঠাকুৰ সিং, মুকেশ, পৱন গুপ্তা আৰু বিনয় শৰ্মাক ২২ জানুৱাৰিৰ পুৱা সাত বজাত ফাঁচি দিয়া হ’ব।

আটাইকেইজনেই বৰ্তমান তিহাৰ জে’লত বন্দী হৈ আছে।

এই চাৰিওৰে উপৰি আৰু দুজনো ঘটনাটোত দোষী সাব্যস্ত হৈছিল।

ৰাম সিং নামৰ এজনে আত্মহত্যা কৰিছে আৰু এজন নাবালকক তিনি বছৰ সংশোধন গৃহত ৰখাৰ পিছত মুকলি কৰি দিয়া হৈছে।

শেহতীয়া খবৰমতে, মীৰাটৰ এজন জল্লাদে চাৰিওজনকে ফাঁচি দিয়াৰ কাম সম্পাদন কৰিব।

তিহাৰ জে’ল কৰ্তৃপক্ষই সদৰী কৰামতে জে’ল নং ৩-ত একেলগে আটাইকেইজনকে ফাঁচি দিয়া হ’ব।

একেলগে চাৰিজনক ফাঁচি দিয়া এইটোৱেই হ’ব ভাৰতৰ ইতিহাসত প্ৰথমটো ঘটনা।

২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীত এগৰাকী ২৩ বছৰীয়া চিকিৎসা ছাত্ৰীক ধৰ্ষণ-হত্যাৰ দেশ কঁপোৱা ঘটনাটো সংঘটিত হৈছিল।

সমগ্ৰ দেশত প্ৰতিবাদৰ মাজত ১৩ দিন মৃত্যুৰে যুঁজি ২৯ ডিচেম্বৰত যুৱতীগৰাকীয়ে হাৰ মানিছিল।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দোষীকেইজনে দাখিল কৰা পুনৰ বিবেচনাৰ আৱেদন অগ্ৰাহ্য কৰিছিল।

ইফালে ন্যায়ালয়ৰ পৰোৱানাৰ পিছতে নিৰ্ভয়াৰ মাকে ইয়াক “ভাৰতৰ জয়” বুলি অভিহিত কৰিছে।

তেওঁ কয় যে এই সিদ্ধান্ত আৰু ৰায়দান “নাৰী সবলীকৰণ”ৰ দিশত এক পদক্ষেপ হৈ ৰ’ব।