NORTHEAST NOW (Assamese)

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ পুতলাৰ বজাৰৰ এক চতুৰ্থাংশ অৰ্থাৎ পঁচিশ শতাংশ দখল কৰিবলৈ আহ্বান জনাইছে। ২০৩২ চনৰ ভিতৰত বিশ্বৰ পুতলাৰ বজাৰ প্ৰায় ১৭৯ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। এই বিশাল বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় উদ্যোগসমূহে আৰু অধিক উন্নতি কৰাৰ সামৰ্থ্য ৰাখে আৰু এই বৃহৎ সুযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগে।

বৰ্তমান ভাৰতে ১৫৩ খন দেশলৈ পুতলা ৰপ্তানি কৰে আৰু ২০২৫-২৬ বৰ্ষত ইয়াৰ মূল্য ১৮৬ মিলিয়ন ডলাৰ স্পৰ্শ কৰিছে। আনহাতে, ২০১৯ চনৰ পৰা ২০২৬ চনৰ ভিতৰত পুতলাৰ আমদানি ৭১ শতাংশলৈকে যথেষ্ট হ্ৰাস পাইছে। এখন আন্তঃৰাষ্ট্ৰীয় পুতলা প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ২০৩৪ চনৰ ভিতৰত ভাৰতৰ নিজা পুতলাৰ বজাৰ ৫ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। কিন্তু তেওঁৰ মতে এই লক্ষ্য যথেষ্ট নহয়। তেওঁ কয় যে আমাৰ আশা আৰু ডাঙৰ হ’ব লাগে আৰু বিশ্বৰ বজাৰৰ এক-চতুৰ্থাংশ দখল কৰিবলৈ আমি লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব।

সীতাৰমণে লগতে কয় যে আগতে কেৱল এখন দেশৰ পৰাহে বেছিকৈ পুতলা আমদানি কৰা হৈছিল। সেই দেশখনে বহুত কম দামত পুতলাসমূহ ভাৰতৰ বজাৰত বিক্ৰী কৰিছিল, যিবোৰৰ মানদণ্ড একেবাৰে বেয়া আছিল আৰু শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আছিল। এতিয়া আমাৰ দেশৰ উদ্যোগসমূহক তেওঁলোকৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে নিজৰ ব্ৰেণ্ডিঙৰ ওপৰত অধিক গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে পৰামৰ্শ আগবঢ়ায়।

Related News