কাশীৰ চাট বিক্ৰেতাৰ হাতৰ সোৱাদত মন্ত্ৰমুগ্ধ নীতাই পুত্ৰৰ বিয়ালৈ মাতিলে দোকানীক; কিনিলে কোটিটকাৰ বেনাৰসী শাড়ীও

ৰিলায়েন্সৰ স্বতাধিকাৰী মুকেশ আম্বানীৰ আৰু নীতা আম্বানীৰ সৰু পুত্ৰৰ বিবাহৰ বাবে উশাহ ল’বলৈ সময় নাই। শেহতীয়াকৈ কাশীস্থিত বিশ্বনাথ মন্দিৰলৈ গৈ বিয়াৰ কাৰ্ড লৈ ভোলেবাবাক নিমন্ত্ৰণ জনাইছিল। মন্দিৰলৈ যোৱাৰ পথত আছে বাৰাণসীৰ আটাইতকৈ পুৰণি চাটৰ দোকান কাশী চাট ভাণ্ডাৰ। মন্দিৰৰ পৰা উভতি আহোঁতে চাহৰ দোকান এখন দেখি নীতা আম্বানী তাতেই ৰৈ গ’ল।আৰু তেওঁ চাট উপভোগ কৰে৷

কাহিনী ইয়াতেই শেষ নহয়। নীতা আম্বানীয়ে চাট খাই ইমানেই ভাল পাইছিল যে তেওঁৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ দিনা মুম্বাইত অতিথিক আপ্যায়নৰ বাবে চাটৰ ব্যৱস্থা কৰিবলৈ বিক্ৰেতাক প্ৰস্তাৱ আগবঢ়াইছিল।

বেনাৰস মানে বেনাৰসী শাৰীৰ জন্মস্থান। সেয়েহে নীতা আম্বানীয়েও তাৰ পৰাই বেনাৰসী শাড়ী কিনিলে। সূত্ৰ অনুসৰি নীতা আম্বানীয়ে পুত্ৰৰ বিয়াৰ বাবে প্ৰায় ৫০-৬০ বানাৰসী ক্ৰয় কৰি নিজৰ ডিজাইন অনুসৰি বনাবলৈ অৰ্ডাৰ দিছে। প্ৰতিখন শাৰীৰ দাম প্ৰায় ৬ লাখ টকা।

বিশ্বনাথ নগৰ বেনাৰসৰ বিভিন্ন সামগ্ৰীৰে ভৰি আছে। বেনাৰসী শাড়ীৰ বাহিৰেও বেনাৰসী চাট, বেনাৰসী পান আৰু ৰবৰী অতি বিখ্যাত। চাটৰ দোকানসমূহৰ ভিতৰত পৰম্পৰাগত কাশী চাট ভাণ্ডাৰ। মন্দিৰলৈ যোৱা বাটত থকা এই সৰু দোকানখন দিনটোৰ ভিতৰতে গ্ৰাহকৰ ভিৰ। এই দোকানত বিভিন্ন ধৰণৰ চাট পোৱা যায়। তাৰ ভিতৰত বিখ্যাত কেইটা হ’ল পালক পাট্টা চাত, টমেটো চাট, আলু টিকি চাট। ষ্ট’ৰৰ সূত্ৰ অনুসৰি নীতা আম্বানীয়ে বিলাহীৰ উপৰিও পালক পাট্টা চাট, ফালুদা আৰু ৰাগদা পেটিৰ সোৱাদ লৈছিল৷