‘ৰাম’ ৰূপী নীতিশৰ হাতত পৰাস্ত ‘ৰাৱণ’ ৰূপী মোদী: আৰজেডি কাৰ্যালয়ৰ সন্মুখত ওলমোৱা পোষ্টাৰে লগাইছে তোলপাৰ

Nitish Kumar as Ram Modi Ravana

আগন্তুক ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। শাসকীয় বিজেপিয়ে ২৪ ৰ নিৰ্বাচনত জয়েৰে দিল্লীৰ মছনদ দখলৰ হেট্ৰিক সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহেও বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্য লৈছে।

অৱশ্যে বিৰোধীৰ এই লক্ষ্যৰ ক্ষেত্ৰত বিৰোধী ঐক্য এক অসম্পূৰ্ণ সূত্ৰ হৈ পৰিছে। এতিয়াও ঐক্যবদ্ধ বিৰোধীৰ লক্ষ্যত সহমতত উপনীত হোৱা নাই বিৰোধী দলসমূহ। বিজেপিৰ বিপক্ষে ২৪ ত বিৰোধীৰ কেন্দ্ৰীয় মুখ কোন হ’ব, সেই লৈ এতিয়াও দিকভ্ৰান্ত বিৰোধী পক্ষ।

অৱশ্যে বিহাৰত বিজেপিৰ সংগ ত্যাগি আৰজেডি আৰু কংগ্ৰেছকে ধৰি বিৰোধীৰ সহযোগ-সমৰ্থনত নতুন চৰকাৰ গঠনৰ পাছৰ পৰাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ এক সম্ভাব্য মুখ হিচাপে থিয় দিছে।

নীতিশ কুমাৰ সন্দৰ্ভত চলি থকা এই জল্পনা-কল্পনাৰ সময়তে বিহাৰ চৰকাৰৰ অন্যতম সহযোগী দল আৰজেডিৰ কাৰ্যালয়ৰ বাহিৰত লগোৱা কিছু পোষ্টাৰে সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

আৰজেডি নেত্ৰী ৰাবৰি দেৱীৰ বাসগৃহ আৰু দলটোৰ ৰাজ্যিক কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে এই পোষ্টাৰসমূহ। এই পোষ্টাৰত দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ কেইটাক বিশেষ ৰূপত প্ৰক্ষেপ কৰা হৈছে।

ৰামায়ণৰ চৰিত্ৰ ৰাম আৰু কংস তথা মহাভাৰতৰ চৰিত্ৰ কৃষ্ণ আৰু কংসক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি পোষ্টাৰখনত ২০২৪ চনৰ নিৰ্বাচনত বিজেপিৰ পৰাজয় আৰু মহাজোঁটৰ জয়ৰ বৰ্ণনা কৰা হৈছে। ইয়াত ৰাম আৰু কৃষ্ণৰ ৰূপত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাৱণ তথা কংস ৰূপত দেখুওৱা হৈছে।

তিনিটা খণ্ডত বিভক্ত পোষ্টাৰখনৰ প্ৰথম দুটা অৰ্ধত ৰামায়ণত ভগৱান ৰামে কেনেকৈ ৰাৱণক পৰাস্ত কৰিছিল আৰু মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণই কংসক কেনেদৰে পৰাস্ত কৰিছিল সেই বিষয়ে চিত্ৰিত কৰা হৈছে।

আনহাতে পোষ্টাৰখনৰ শেষৰ অংশত দেখা গৈছে যে নীতিশ কুমাৰৰ নেতৃত্বত গঠিত মহাজোঁটে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীক পৰাস্ত কৰাৰ ইঙ্গিত। পোষ্টাৰখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে লাগে খলকনি।

বিজেপিৰ মুখপাত্ৰ নৱল কিশোৰ যাদৱে সংবাদ মাধ্যমৰ আগত কয়, “মায়াৱতী, অখিলেশ যাদৱ, মমতা বেনাৰ্জী আৰু নবীন পাটনায়কেই হওক, সকলো বিৰোধী নেতাৰ মাজত নীতিশ কুমাৰ নতুন। ২০৩৪ চনলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতাত থাকিব। তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।”

ইফালে এই পোষ্টাৰৰ সৈতে আৰজেডি জড়িত নহয় বুলি দাবী কৰিছে দলটোৱে। এই সন্দৰ্ভত আৰজেডিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মৃতঞ্জয় তিৱাৰীয়ে কয়, “ আমি নাজানো কোনে এই পোষ্টাৰবোৰ লগাইছে। এই ক্ষেত্ৰত আমাৰ দল আৰজেডিয়ে অনুমোদন দিয়া নাই।”

অৱশ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ প্ৰস্তুতি বিহাৰৰ পৰা আৰম্ভ হৈছে আৰু বিৰোধী দলৰ সকলো দলেই বিৰোধিতা কৰি একত্ৰিত হৈছে বুলি মন্তব্য কৰে তিৱাৰীয়ে।

অৱশ্যে নীতিশ কুমাৰে বিহাৰত দায়িত্ব লৈছে আৰু ঐক্যবদ্ধ বিৰোধীৰ মুখ হ’ব পাৰে বুলিও গুৰুত্বপূৰ্ণ ইঙ্গিত দিয়ে আৰজেডিৰ নেতাগৰাকীয়ে। প্ৰতি গৰাকী বিহাৰীয়ে এয়া বিচাৰে বুলি উল্লেখ কৰে তিৱাৰীয়ে।