NORTHEAST NOW (Assamese)

‘বিজেপিক সহায় ব্যৱসায়ী প্ৰশান্ত কিশোৰৰ’: প্ৰাক্তন সতীৰ্থকলৈ বিস্ফোৰক মন্তব্য নীতিশ কুমাৰৰ

September 8, 2022 3:52 pm · এন ই নাও নিউজ, গুৱাহাটী

Nitish Kumar hits back at Prashant Kishor বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সীতাৰাম য়েচুৰীক সাক্ষাৎ কৰি বিৰোধী ঐক্য শক্তিশালী কৰাত আৰু এঢাপ আগবাঢ়িছে। তাৰ মাজতে এইবাৰ জেডি(ইউ)ৰ নেতাজনে প্ৰশান্ত কিশোৰক সমালোচনা কৰি এক চাঞ্চল্যকৰ মন্তব্য কৰে।

বিৰোধী মিত্ৰজোঁটত প্ৰশান্ত কিশোৰৰ ভূমিকাৰ বিষয়ে সোধাত নীতিশে কয়, “প্ৰশান্ত কিশোৰৰ ব্যৱসায় হৈছে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে কাম কৰা। বিহাৰত আমাৰ বাবে তেওঁৰ একো কৰিবলগীয়া নাই।”

লগতে পঢ়ক: Google Doodle Honours Bhupen Hazarika জন্মদিনত গুগলে সুঁৱৰিলে ডঃ ভূপেন হাজৰিকাক, ডুডলত জিলিকিল শিল্পী ৰুতুজা মালিয়ে অঁকা সুধাকণ্ঠৰ ছবি

ইয়াৰ পূৰ্বে আৰজেডি-জেডিইউ চৰকাৰ গঠনৰ পিছত এখন ৰাজহুৱা সভাত তেওঁৰ সমৰ্থকসকলক সম্বোধন কৰি কিশোৰে কৈছিল, “নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ পদত বহি থাকিবলৈ ফেভিকল (আঠাৰ ব্ৰেণ্ড) ব্যৱহাৰ কৰে। আন দলবোৰে তেওঁক কেন্দ্ৰ কৰি ঘুৰি থাকে।‘’

প্ৰশান্ত কিশোৰে লগতে কৈছিল, “যদি অহা একৰ পৰা দুই বছৰৰ ভিতৰত পাঁচৰ পৰা দহ লাখ চাকৰি দিয়া হয়, মই মোৰ জন সূৰজ অভিযান প্ৰত্যাহাৰ কৰিম আৰু নীতিশ কুমাৰ চৰকাৰক সমৰ্থন কৰিম।মই বিহাৰৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰাৰ মাত্ৰ তিনি মাহ হ’ল। ইয়াৰ মাজতে ৰাজ্যখনৰ ৰাজনীতিয়ে ১৮০ ডিগ্ৰী ৰূপ লৈছে। ৰাজ্যখনে অদূৰ ভৱিষ্যতে অধিক ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হ’ব।‘’

ইয়াৰ প্ৰত্যুত্তৰত নীতিশে উত্তৰ দিছে, “তেওঁ বহুকথাই কৈছে। হয়তো তেওঁ বিজেপিৰ সৈতে থাকিব বিচাৰে। হয়তো তেওঁ গেৰুৱা শিবিৰক সহায় কৰিব বিচাৰে।‘’

লগতে পঢ়ক: কাৰ্যালয়ত কোনো কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিনছ, টি-চাৰ্ট !

তদুপৰি নীতিশ কুমাৰে কয়, “প্ৰশান্ত কিশোৰৰ মন্তব্যৰ কোনো প্ৰাসংগিকতা নাই। ২০০৫ চনৰ পৰা আমি কি কৰিছো, আমি কিমান কৰিছো সেই বিষয়ে পিকে-ই কিমান জানে? তেওঁ কেৱল ভুল কথা কৈ থাকে। যেতিয়া কোনোৱে এনে কথা কয়, তেতিয়া বুজিব লাগে যে তেওঁৰ মনত কিবা আছে। তেওঁ বিহাৰত যি কৰিব বিচাৰে সেয়া কৰক। কিন্তু তেওঁৰ মন্তব্যৰ কোনো গুৰুত্ব নাই।‘’

Related News