পদত্যাগ কৰিলে নীতিশ কুমাৰে; শীতৰ ঠাণ্ডাতো ‘ৰাজনৈতিক ব্যস্ততা’ত গৰম হৈ উঠিছে পাটনা

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ফটোঃ সংগ্ৰীহত।

আজি ছুটীৰ দিন দেওবাৰ। বন্ধৰ দিন যদিও বিহাৰৰ ৰাজনৈতিক মহল আজি অত্যন্ত ব্যস্ত। সকলো জল্পনা-কল্পনা শুদ্ধ বুলি প্ৰমাণ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে নীতিশ কুমাৰে। সূত্ৰ অনুসৰি আজি বিয়লি পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশে। এইবাৰ তেওঁৰ লগত থাকিব বিজেপি।

উল্লেখ্য যে ২০২০ চনত বিজেপিৰ সৈতে যুঁজত জয়ী হৈছিল নীতিশ। পিছলৈ ২০২১ চনত তেওঁ বিজেপি ত্যাগ কৰি আৰজেডিৰ সৈতে মহাজোঁট গঠন কৰে। তেওঁ মুখ্যমন্ত্ৰী হৈয়েই থাকিল। আৰু এইবাৰ পুনৰ বিজেপিলৈ ঘূৰি আহিছে নীতিশ।

জানিব পৰা মতে, এইবাৰো তেওঁ চৰকাৰৰ মুখ্যমন্ত্ৰী হ’ব। কোৱা হৈছে যে আজি দুপৰীয়া বা সন্ধিয়া নীতিশে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে। তেওঁৰ ডেপুটি হ’ব এজন বা দুজন বিজেপি নেতা।

লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত

আজি পুৱাৰে পৰা পাটনাত ৰাজনৈতিক নেতাসকলৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছিল। পূৰ্বে জনা গৈছিল যে নীতিশে ২৮ তাৰিখে পূৰ্ব ঘোষিত সকলো কাৰ্যসূচী বাতিল কৰিছে। আজি পুৱা ১০:১৫ বজাত জেডিইউৰ সকলো বিধায়কে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ গৈ নীতিশৰ সৈতে বৈঠকত বহে।

আনহাতে, একে সময়তে গেৰুৱা শিবিৰৰ বিধায়কসকলে বিজেপিৰ ৰাজ্যিক সদৰত এখন বৈঠকত বহে। ১০:৩০ বজাৰ পিছত পাটনা ৰাজভৱনৰ সন্মুখত বেৰিকেড পৰা আৰম্ভ কৰে।

ইয়াৰ কিছু সময়ৰ পাছতে জেডিইউৰ বৈঠকত বিধায়কসকলে নীতিশক সকলো সিদ্ধান্ত লোৱাৰ দায়িত্ব অৰ্পণ কৰে। ১১ বজাৰ অলপ আগতে নীতিশে নিজৰ বাসগৃহৰ পৰা গাড়ীৰে ৰাজভৱনলৈ ওলাই আহিল। ১১:২০ বজাত তাত উপস্থিত হৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ জমা দিয়ে।

লগতে পঢ়কঃ হোটেলত বন্দী, খাদ্য বন্ধ কৰি দি শাস্তি আই পি এল তাৰকাক! দিল্লীৰ কাণ্ডক লৈ তোলপাৰ ক্ৰিকেটমহল

উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰে যুঁজিছিল নীতিশৰ জেডিইউ। আসনৰ ক্ষেত্ৰত অৱশ্যে ‘মুৰব্বী’ জেডিইউ হৈ পৰিল ‘জুনিয়ৰ পাৰ্টনাৰ’। অৱশ্যে বিজেপিয়ে নীতিশকে মুখ্যমন্ত্রী কৰিলে৷ তথাপিও নীতিশৰ আসনখন ৰক্ষাৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছিল। সেয়ে, নীতিশে মনে মনে বিজেপিক মাজতে এৰি আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থীৰ সৈতে যোগ দিলে। বিহাৰত গঠন হ’ল এখন বৃহৎ মিত্ৰজোঁটৰ চৰকাৰ। অৱশ্যে মিত্ৰজোঁটৰ চৰকাৰত ফাট মেলিবলৈ সময় নালাগিল।

মন কৰিবলগীয়া যে ১৭ মহীয়া মহাজোঁট ত্যাগ কৰি জেডিইউ বিজেপিলৈ ঘূৰি আহিব পাৰে বুলি ইংগিত যোৱা কেইদিনমানৰ পৰা নীতিশৰ কথাৰ পৰা পোৱা গৈছিল। ইফালে নীতিশক ইণ্ডিয়া এলায়েন্সৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰ প্রস্তাৱ মানি লোৱা নাছিল বিহাৰৰ মুখ্যমন্ত্রীগৰাকীয়ে ৷ তেতিয়াৰ পৰাই নীতিশৰ মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ জল্পনা-কল্পনা অধিক তীব্ৰতৰ হৈ পৰিছিল।

লগতে পঢ়কঃ বাহ ওস্তাদ বাহ! ৰাহাত ফাতেহ আলী খানৰ এয়া কি ৰূপ; সৰু কথাতে নিজৰ শিষ্যক নিৰ্মম প্ৰহাৰ

জানিব পৰা মতে, বিগত কিছুদিন ধৰি বিজেপিৰ সৈতে লোকসভাৰ আসন বিতৰণ সন্দৰ্ভত জেডিইউৰ আলোচনা চলি আছিল। উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি-জেডিই একেলগে যুঁজিছিল। বিহাৰৰ মুঠ ৪০খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ১৭খন, জেডিইউই ১৬খন আসন লাভ কৰে। ইফালে জেডিইউৰ বৰ্তমান ৪৫ গৰাকী বিধায়ক। ইয়াৰ উপৰিও বিজেপিৰ বিধায়ক আছে ৭৮ জন। যিয়ে সহজেই ৰাজ্যখনত যাদুকৰী সংখ্যা পাৰ কৰি যাব।