• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পদত্যাগ কৰিলে নীতিশ কুমাৰে; শীতৰ ঠাণ্ডাতো ‘ৰাজনৈতিক ব্যস্ততা’ত গৰম হৈ উঠিছে পাটনা

এন ই নাও নিউজ, পাটনা by এন ই নাও নিউজ, পাটনা
January 28, 2024 11:54 am
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ফটোঃ সংগ্ৰীহত।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ফটোঃ সংগ্ৰীহত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ছুটীৰ দিন দেওবাৰ। বন্ধৰ দিন যদিও বিহাৰৰ ৰাজনৈতিক মহল আজি অত্যন্ত ব্যস্ত। সকলো জল্পনা-কল্পনা শুদ্ধ বুলি প্ৰমাণ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে নীতিশ কুমাৰে। সূত্ৰ অনুসৰি আজি বিয়লি পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশে। এইবাৰ তেওঁৰ লগত থাকিব বিজেপি।

উল্লেখ্য যে ২০২০ চনত বিজেপিৰ সৈতে যুঁজত জয়ী হৈছিল নীতিশ। পিছলৈ ২০২১ চনত তেওঁ বিজেপি ত্যাগ কৰি আৰজেডিৰ সৈতে মহাজোঁট গঠন কৰে। তেওঁ মুখ্যমন্ত্ৰী হৈয়েই থাকিল। আৰু এইবাৰ পুনৰ বিজেপিলৈ ঘূৰি আহিছে নীতিশ।

জানিব পৰা মতে, এইবাৰো তেওঁ চৰকাৰৰ মুখ্যমন্ত্ৰী হ’ব। কোৱা হৈছে যে আজি দুপৰীয়া বা সন্ধিয়া নীতিশে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে। তেওঁৰ ডেপুটি হ’ব এজন বা দুজন বিজেপি নেতা।

Apply Now

লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত

আজি পুৱাৰে পৰা পাটনাত ৰাজনৈতিক নেতাসকলৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছিল। পূৰ্বে জনা গৈছিল যে নীতিশে ২৮ তাৰিখে পূৰ্ব ঘোষিত সকলো কাৰ্যসূচী বাতিল কৰিছে। আজি পুৱা ১০:১৫ বজাত জেডিইউৰ সকলো বিধায়কে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ গৈ নীতিশৰ সৈতে বৈঠকত বহে।

আনহাতে, একে সময়তে গেৰুৱা শিবিৰৰ বিধায়কসকলে বিজেপিৰ ৰাজ্যিক সদৰত এখন বৈঠকত বহে। ১০:৩০ বজাৰ পিছত পাটনা ৰাজভৱনৰ সন্মুখত বেৰিকেড পৰা আৰম্ভ কৰে।

ইয়াৰ কিছু সময়ৰ পাছতে জেডিইউৰ বৈঠকত বিধায়কসকলে নীতিশক সকলো সিদ্ধান্ত লোৱাৰ দায়িত্ব অৰ্পণ কৰে। ১১ বজাৰ অলপ আগতে নীতিশে নিজৰ বাসগৃহৰ পৰা গাড়ীৰে ৰাজভৱনলৈ ওলাই আহিল। ১১:২০ বজাত তাত উপস্থিত হৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ জমা দিয়ে।

লগতে পঢ়কঃ হোটেলত বন্দী, খাদ্য বন্ধ কৰি দি শাস্তি আই পি এল তাৰকাক! দিল্লীৰ কাণ্ডক লৈ তোলপাৰ ক্ৰিকেটমহল

উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰে যুঁজিছিল নীতিশৰ জেডিইউ। আসনৰ ক্ষেত্ৰত অৱশ্যে ‘মুৰব্বী’ জেডিইউ হৈ পৰিল ‘জুনিয়ৰ পাৰ্টনাৰ’। অৱশ্যে বিজেপিয়ে নীতিশকে মুখ্যমন্ত্রী কৰিলে৷ তথাপিও নীতিশৰ আসনখন ৰক্ষাৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি হৈছিল। সেয়ে, নীতিশে মনে মনে বিজেপিক মাজতে এৰি আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থীৰ সৈতে যোগ দিলে। বিহাৰত গঠন হ’ল এখন বৃহৎ মিত্ৰজোঁটৰ চৰকাৰ। অৱশ্যে মিত্ৰজোঁটৰ চৰকাৰত ফাট মেলিবলৈ সময় নালাগিল।

মন কৰিবলগীয়া যে ১৭ মহীয়া মহাজোঁট ত্যাগ কৰি জেডিইউ বিজেপিলৈ ঘূৰি আহিব পাৰে বুলি ইংগিত যোৱা কেইদিনমানৰ পৰা নীতিশৰ কথাৰ পৰা পোৱা গৈছিল। ইফালে নীতিশক ইণ্ডিয়া এলায়েন্সৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰ প্রস্তাৱ মানি লোৱা নাছিল বিহাৰৰ মুখ্যমন্ত্রীগৰাকীয়ে ৷ তেতিয়াৰ পৰাই নীতিশৰ মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ জল্পনা-কল্পনা অধিক তীব্ৰতৰ হৈ পৰিছিল।

লগতে পঢ়কঃ বাহ ওস্তাদ বাহ! ৰাহাত ফাতেহ আলী খানৰ এয়া কি ৰূপ; সৰু কথাতে নিজৰ শিষ্যক নিৰ্মম প্ৰহাৰ

জানিব পৰা মতে, বিগত কিছুদিন ধৰি বিজেপিৰ সৈতে লোকসভাৰ আসন বিতৰণ সন্দৰ্ভত জেডিইউৰ আলোচনা চলি আছিল। উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি-জেডিই একেলগে যুঁজিছিল। বিহাৰৰ মুঠ ৪০খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ১৭খন, জেডিইউই ১৬খন আসন লাভ কৰে। ইফালে জেডিইউৰ বৰ্তমান ৪৫ গৰাকী বিধায়ক। ইয়াৰ উপৰিও বিজেপিৰ বিধায়ক আছে ৭৮ জন। যিয়ে সহজেই ৰাজ্যখনত যাদুকৰী সংখ্যা পাৰ কৰি যাব।

এন ই নাও নিউজ, পাটনা

এন ই নাও নিউজ, পাটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd