নীতিশ কুমাৰক নিয়ন্ত্ৰণত ৰাখিবলৈ বিহাৰত দুজনকৈ উপ-মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিলে বিজেপিয়ে

a 2020_11$largeimg_1494416964

জনতা দল ইউনাইটেডৰ নেতা নীতিশ কুমাৰক কালি এনডিএই বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে ঘোষণা কৰাৰ পিছতে নীতিশক নিয়ন্ত্ৰণত ৰখাৰ কৌশলেৰে আজি দুজনকৈ বিজেপি বিধায়কক উপ-মুখ্যমন্ত্ৰী হিচাবে  প্ৰক্ষেপ কৰা হয়।

এনডিএই ঘোষণা কৰা বিজেপিৰ উপ-মুখ্যমন্ত্ৰী দুগৰাকী হৈছে ক্ৰমে তাৰকিশোৰ প্ৰসাদ আৰু ৰেণু দেৱী।

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীক পুনৰ  পূৰ্বৰ পদত অধিষ্ঠিত নকৰাৰ বাবে কালি এনডিএৰ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এটা সূত্ৰই ইংগিত দিছিল।

ইয়াৰ পিছতে আজি এনডিএৰ তৰফৰ পৰা বিজেপি দলৰ দুজনকৈ উপ-মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হয়।

উল্লেখ্য কালি এনডিএই বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে নীতিশ কুমাৰকে নিৰ্বাচন কৰাৰ কথা ঘোষণা কৰিছিল।।

কালি অনুষ্ঠিত এনডিএৰ বৈঠকত নীতিশ কুমাৰকে বিহাৰৰ মুখমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰা হয়।

নীতিশ কুমাৰে  চতুৰ্থবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব।

বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে এনডিএই ঘোষণা কৰিছিল যে বিহাৰত এনডিএৰ নেতৃত্বত গঠন হ’বলগীয়া চৰকাৰৰ পৰৱৰ্তী গৰাকী মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ’ব ।

কিন্তু নীতিশ কুমাৰ পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ বিষয়টোকলৈ নামি আহিছিল জটিলতা।

উল্লেখ্য এইবাৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত এনডিএই লাভ কৰিছে মুঠ ১২৫ খন আসন। ইয়াৰে ৭৪ খন আসন লাভ কৰিছে বিজেপিয়ে আৰু ৪৩ খন আসন লাভ কৰিছে জনতা দল ইউনাইটেডে।

২৪৩ জনীয়া বিহাৰ বিধান সভাত চৰকাৰ গঠন কৰিব পৰাকৈ এনডিএৰ প্ৰয়োজনতকৈ ৩ খন আসন বেছি আছে।