বিহাৰৰ আস্থা ভোটত নীতিশ কুমাৰৰ বৃহৎ জয়,, বিজেপিৰ ৱাকআউট

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আশা কৰা অনুসৰি আস্থা ভোটত জয়ী হৈছে। ইপিনে বুধবাৰে আস্থা ভোটৰ সময়ত বিজেপিয়ে বিধানসভাৰ পৰা ৱাকআউট কৰে। বিজেপিৰ বিধায়কসকলৰ অনুপস্থিতিত বিধানসভাত উপস্থিত থকা ১৬০ জন বিধায়কে নীতিশ কুমাৰৰ নেতৃত্বত মহাজোট চৰকাৰক সমৰ্থন কৰে। ফলস্বৰূপে, মহাজোট চৰকাৰে কোনো বাধা অবিহনে আস্থা ভোটত জয়ী হয়।

নীতিশ চৰকাৰৰ আস্থা ভোটৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ সিঙে ভোটদানৰ ঠিক আগতে পদত্যাগ কৰে। বিজেপি নেতাজন পূৰ্বৰ জেডিইউ আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অধ্যক্ষ আছিল। কিন্তু নীতিশে শিবিৰ সলনি কৰিলেও তেওঁ ইমানদিনে পদত্যাগ কৰা নাছিল। বাধ্য হৈ মহাজোট চৰকাৰে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। আজিৰ দিনটোত, বিজয় চৌধুৰীয়ে অনাস্থা ভোটৰ সন্মুখীন নোহোৱাকৈয়ে পদত্যাগ কৰে। ফলস্বৰূপে, বিধানসভাৰ উপাধ্যক্ষই আস্থাৰ ভোট পৰিচালনা কৰে।

ইয়াৰ পূৰ্বে, চিবিআইৰ চোৰাংচোৱাই বিহাৰ, দিল্লী আৰু হাৰিয়ানাৰ ২৫ টা স্থানত তালাচী চলায়। বিহাৰৰ পাটনা, কাটিহাৰ আৰু মধুবনীত কেইবাজনো উচ্চ পৰ্যায়ৰ আৰজেডি নেতাৰ বাসগৃহত তালাচী চলোৱা হয়। এই নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে সুনীল সিং, সুবোধ ৰায়, ড০ ফৈয়াজ আহমেদ আৰু আশফাক কৰিম আদি। আস্থা ভোটৰ ঠিক আগতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধানসভাত কেন্দ্ৰীয় সংস্থাটো এনেদৰে সক্ৰিয় হোৱাৰ বিষয়টো ৰহস্যজনক বুলি মন্তব্য কৰে। তেওঁ কয় “বিজেপিৰ তিনিজন জোৱাই- ইডি, আয়কৰ আৰু চিবিআই। “নীতিশ কুমাৰ আৰু তেওঁৰ বন্ধুত্ব দীৰ্ঘদিন ধৰি চলিব।নতুন ইতিহাস ৰচনা কৰা হ’ব। কাকো ৰাণ আউট কৰা নহ’ব। “

আস্থা ভোটৰ আগতে, নীতিশ কুমাৰেও বিজেপিক ক্ষৰধাৰ সমালোচনা কৰে। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে তেওঁৰ পূৰ্বৰ মিত্ৰজোঁটৰ অংশীদাৰসকলে প্ৰকৃততে বিহাৰৰ বিষয়ে ভবা লোক নাছিল। তেওঁলোকে কেৱল ৰাজ্য চৰকাৰক অৱজ্ঞা কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰচাৰহে চলাইছিল । নীতিশে কয় যে তেওঁ আৰজেডিৰ সৈতে হাত মিলোৱাৰ পিছত সমগ্ৰ দেশৰ বহু নেতাই তেওঁৰ সৈতে যোগাযোগ কৰিছে। সকলোৱে তেওঁক সম্ভাষণ জনাইছে। আস্থা ভোটৰ ভাষণত নীতিশে কয়, “মই ২০২৪ চনত সকলোকে একেলগে লৈ আগবাঢ়ি যাবলৈ এটা মনস্থ কৰিছো “।