বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Bihar Nitish Kumar

শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত আজি বিহাৰত গঠন হ’ব মহাজোঁটৰ নতুন চৰকাৰ। মঙ্গলবাৰে বিজেপিৰ সঙ্গ ত্যাগ কৰি জেডিইউৰ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰজেডি আৰু অন্যান্য বিৰোধী দলসমূহক অন্তৰ্ভুক্ত কৰি এক নতুন মহাজোট ঘোষণা কৰে।

আজি এই মহাজোঁটৰ নেতা নীতিশ কুমাৰে বিয়লি ৪ বজাত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

ইফালে আৰজেডিৰ নেতা তেজস্বী যাদৱে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ বাহিৰে আজি আন কোনো মন্ত্ৰীয়ে শপত গ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কালি ৰাজ্যপালৰ সৈতে দ্বিতীয় বৈঠকৰ পিছতে নীতিশ কুমাৰে সাতটা দল আৰু এগৰাকী নিৰ্দলীয় বিধায়কৰ সহায়ত মহাজোটঁ গঠনৰ কথা ঘোষণা কৰিছিল।

ৰাজ্যপালৰ সৈতে হোৱা প্ৰথমখন বৈঠকৰ পিছত কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ এঘণ্টাৰ পিছতে তেওঁ তেজস্বী যাদৱ আৰু অন্যান্য বিৰোধী নেতাসকলৰ সৈতে পুনৰ ৰাজ্যপালক সাক্ষাৎ কৰি পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দিয়ে।

আনহাতে নীতিশ কুমাৰে বিজেপিৰ মিত্ৰতা ত্যাগ কৰি এনেদৰে নতুন মিত্ৰজোঁট গঠনেৰে জনসাধাৰণক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। লগতে দলটোৱে নীতিশ কুমাৰৰ পদক্ষেপৰ বিৰুদ্ধে ৰাজ্যব্যাপী প্ৰতিবাদৰো ঘোষণা কৰিছে।

লক্ষ্যণীয়ভাৱে নীতিশ কুমাৰে দ্বিতীয়বাৰৰ বাবে বিজপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে। ইয়াৰ পূৰ্বে ৰেন্দ্ৰ মোদীৰ বিৰোধিতাৰে তেওঁ ২০১৩ চনত এন ডি এ- ৰ পৰা ওলাই আহি ২০১৫ চনত লালু প্ৰসাদ যাদৱৰ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰিছিল।

কিন্তু ২০১৭ চনত নীতিশ কুমাৰে তেজস্বী যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি এই তিনি-দলীয় মিত্ৰজোঁটৰ পৰা আঁতৰি আহি পুনৰ বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰিছিল।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে জনতা দল (ইউনাইটেড)ক বিভক্ত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ তুলি নীতিশ কুমাৰে শেহতীয়াকৈ বিজেপিৰ সংগ ত্যাগ কৰাৰ ইংগিত দিছিল।

লগতে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়েও নীতিশ কুমাৰক বিজেপিৰ ৰাজনৈতিক পৰিকল্পনাৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰিছিল।

অৱশেষত ইয়াৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপেই বিজেপিৰে সম্পৰ্ক ছিন্ন কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি কুমাৰে আৰজেডিৰ বাবে মিত্ৰতাৰ দুৱাৰ মুকলি কৰি দিয়ে।