দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগীত প্ৰকৃততে কি ঘটিছিল? এই মাৰাত্মক ভুল কৰ্তৃপক্ষ নে চৰকাৰৰ!

6 from Lakhimpur among Nizamuddin Tablig returnee

নিজামুদ্দিন মাৰ্কাজৰ ছবি, সৌজন্য- ইন্টাৰনেট

দেশত ক’ৰ’না ভাইৰাছে সংহাৰ চলাই থাকোতে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতে দেশজুৰি আতংকৰ সৃষ্টি কৰিছে।

ইতিমধ্যে তবলিগী জামাত অংশগ্ৰহণ কৰা কেইহাজনো লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

দেশৰ সংবাদ মাধ্যমৰ লগতে দেশৰ চৌদিশে এই কাৰ্যসূচীক লৈ বিভিন্ন ধৰণৰ অপ্ৰচাৰৰ চলাও দেখা গৈছে। অধিকাংশই ক’ব খুজিছে যে দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত থাকোতে কেনেকৈ চৰকাৰৰ অলক্ষিতে এই ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’বলৈ পালে?

সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ৰং দিয়াৰো অপপ্ৰচেষ্টা দেখা গৈছে। প্ৰকৃততে কি ঘটিছিল নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত!

ক’ৰ’নাতংকৰ বাবে দেশত ২২ মাৰ্চত জনতা কাৰ্ফিউ আৰু ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ বহুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত আৰম্ভ হৈছিল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৬ মাৰ্চত সকলোধৰণৰ ধৰ্মীয়, সমাজিক ও ৰাজনৈতিক সমাৱেশ নিষিদ্ধ ঘোষণা কৰাৰ পূৰ্বে যোৱা ১৩ মাৰ্চত উক্ত ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দেশ-বিদেশী ৩৪০০ ৰো আধিক লোক সমবেত হৈছিল।

ইয়াৰ পিছতে ২০ মাৰ্চত ১০ জন ইন্দোনেচিয়ান নাগৰিকে আহি উক্ত কাৰ্যসূচী যোগদান  কৰে আৰু পৰৰ্ৱতী সময়ত তেলেংগানাত সেই আটাইকেইজন লোকৰ শৰীৰত COVID19 পজিটিভ পোৱা গৈছে।

২৩ মাৰ্চত নিজামুদ্দিনৰ পৰা ১৫০০ লোক গুচি যায়। ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ ফলত বাকীসকল লোক নিজামুদ্দিনতে আৱদ্ধ হৈ পৰে।

আনহাতে সেইদিনাই দিল্লী আৰক্ষীয়ে নিজামুদ্দিন খালি কৰিবলৈ নিৰ্দেশ দিয়ে। লোকসকল তাতে আৱদ্ধ হৈ পৰে, কাৰণ ২২ মাৰ্চৰ পৰা দেশত ৰে’ল সেৱা বন্ধ কৰা হয়।

২৫ মাৰ্চত ল’কডাউন অৱমাননা কৰি আৱদ্ধ হৈ থকা ১০০০ লোকক তাৰ পৰা নিয়াৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিবলৈ জামাত কৰ্তৃপক্ষই SDM কাৰ্যালয়ত গৈ এখন আবেদন পত্ৰ দাখিল কৰে।

২৬ মাৰ্চত SDM এ গৈ মাৰ্কাজ পৰিভ্ৰমণ কৰি জামাতৰ কৰ্তৃপক্ষ আৰু জিলা দণ্ডাধীশৰ সৈতে যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে।

সেইদিনাই তবলিগীত অংশগ্ৰহণ কৰা এজন কাশ্মিৰীৰ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হয়।

২৭ মাৰ্চত তবলিগীত অংশগ্ৰহণ কৰা আন ৬ জন লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰি হাৰিয়ানাৰ ঝাজাৰত কোৱাৰেণ্টাইন কৰা হয়।

২৮ মাৰ্চত SDMৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ এটা দলে মাৰ্কাজ পৰিভ্ৰমণ কৰি ৩৩ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি দিল্লীৰ ৰাজীৱ গান্ধী কেঞ্চাৰ হাস্পতালত আইচ’লেশ্যনত ৰাখে।

সেইদিনাই লাজপত নগৰৰ ACPএ শীঘ্ৰেই মাৰ্কাজ খালি কৰিবলৈ আন এখন পত্ৰ প্ৰেৰণ কৰে।

২৯ মাৰ্চত মাৰ্কাজৰ কৰ্তৃপক্ষই ACPৰ পত্ৰখন গ্ৰহণ কৰি জনাই যে ল’কডাউন জাৰি কৰাৰে পৰা তাত কোনো লোকক সমবেত হোৱাৰ লগতে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

সেইদিনাই দিল্লী আৰক্ষী আৰু স্বাস্থ্য বিভাগে মাৰ্কাজৰ পৰা লোকসকলক উলিয়াই আনি চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰে।

আনহাতে দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে যোৱা ২৩ আৰু ২৮ মাৰ্চত মাৰ্কাজ কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈ দুখন জাননী জাৰি কৰা হৈছিল তেওঁলোকে কোনো সঁহাৰি দিয়া নাছিল।

ইফালে মচজিদ কৰ্তৃপক্ষই জানিবলৈ দিছে যে তেওঁলোক তাত সমাৱেশ ঘটা লোকসকলক ঘৰলৈ প্ৰেৰণ কৰিবলৈ গাড়ী চলাচলৰ অনুমতি বিচাৰি আৰক্ষী তথা চৰকাৰক অনুৰোধ জনায় পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু আৰক্ষী তথা চৰকাৰে তেওঁলোকক ল’কডাউন অব্যাহত থকাত সেই অনুমতি প্ৰদান নকৰিলে।

এক সূত্ৰ প্ৰকাশ যে যোৱা ২৩ মাৰ্চত মাৰ্কাজৰ পৰা প্ৰায় ১৫০০ লোক নিজৰ গৃহাভিমুখে যাত্ৰা কৰিছে।

তেওঁলোকৰ কিমানজনৰ শৰীৰত COVID19 দ্বাৰা আক্ৰান্ত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।